অতিকৈ শোকাৱহ! হাজোত বৰলৰ কামোৰত প্ৰাণ গ’ল ৫ বছৰীয়া শিশুৰ

0
871

অতিকৈ শোকাৱহ! হাজোত বৰলৰ কামোৰত প্ৰাণ গ’ল ৫ বছৰীয়া শিশুৰ

হাজোত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। হাজোৰ দামপুৰৰ আমদলাত সংঘটিত হৈছে এই কৰুণ ঘটনাটো।

বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি গৈ থকা অৱস্থাত মাজ বাটতে বৰলে কামুৰিলে এটি কন্যা শিশুক।

বৰলে কামোৰাৰ বাবে কন্যা শিশুটিক ততাতৈয়াকৈ শুৱালকুছিৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

কিন্তু দুৰ্ভাগ্যজনক যে চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ পিছতে মৃত্যু হয় কন্যা শিশুটিৰ।

শিশুটিৰ বয়স ৫ বছৰ বুলি জানিব পৰা গৈছে। শিশুটিৰ মৃত্যুক লৈ সমগ্র অঞ্চলজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।