
৭০ বছৰীয়া শহুৰেকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল ২৮ বছৰীয়া বোৱাৰী! এই কঠোৰ সিদ্ধান্ত আঁৰৰ কাৰণে আচৰিত কৰিব আপোনাকো…
উত্তৰ প্ৰদেশৰ গোৰখপুৰত এজন ৭০ বছৰীয়া ব্যক্তিয়ে নিজৰ ২৮ বছৰীয়া বোৱাৰীয়েকৰ সৈতে মন্দিৰত বিবাহপাশত আৱদ্ধ হয়। এই বিয়াৰ ফটো এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
ছ’চিয়েল মিডিয়াৰ বাতৰি আৰু ফটোক বিশ্বাস কৰি কোৱা হৈছে যে শহুৰেক কৈলাশ যাদৱৰ পত্নীৰ ১২ বছৰ পূৰ্বে মৃত্যু হৈছে। তেওঁলোকৰ চাৰিটা সন্তান আছে আৰু পূজাৰ স্বামী তৃতীয় পুত্ৰ আছিল, তেওঁৰো মৃত্যু হৈছে।
সৃত্ৰ অনুসৰি, দুয়োজনে পাৰস্পৰিক সন্মতিৰে বিবাহপাশত আবদ্ধ হৈছে আৰু পূজা নতুন সম্পৰ্কত সুখী। জানিব পৰা মতে, কৈলাশ যাদৱ বধলগঞ্জ কোতৱালি অঞ্চলৰ ছপিয়া উমৰাও গাঁৱৰ বাসিন্দা।