Breaking: কাছাৰত নিৰুদ্দিষ্ট যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

যোৱা দেওবাৰৰ পৰা সন্ধানহীন আছিল ৰিচা ভট্টাচাৰ্য নামৰ যুৱতীগৰাকী

0
77

ৰহস্যজনকভাৱে কাছাৰ জিলাৰ উধাৰবন্ধ মধুৰা নৈত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ৷ উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ নাম ৰিচা ভট্টাচাৰ্য (২২)৷ ঘৰ উধাৰবন্ধ দূৰ্গানগৰত৷

জানিব পৰা মতে, ৰিচা ভট্টাচাৰ্য যোৱা দেওবাৰৰ পৰা নিখোজ আছিল৷ সোমবাৰে উধাৰবন্ধ থানাত যুৱতীগৰাকী নিখোজ সংক্ৰান্তত এক এজাহাৰ ৰুজু কৰে তেওঁৰ পিতৃ ৰাজু ভট্টাচাৰ্যই৷

পিতৃৰ এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিলেও ৰিচাৰ সন্ধান উলোৱাত ব্যৰ্থ হয় উধাৰবন্ধ আৰক্ষী৷ উধাৰবন্ধ দেৱ বস্তিৰ মধুৰা নৈত এটা মৃতদেহ দেখি স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক৷ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি চিনাক্ত কৰে যে মৃতদেহটো নিখোজ হোৱা ৰিচা ভট্টাচাৰ্যৰ৷

পিছত আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। এয়া হত্যা নে আত্মহত্যা এতিয়াও স্পষ্ট হোৱা নাই৷

Photo Credit: @yasinmazumder