এইখন ৰাজ্যত যোৱা ১০ বছৰত হাতী-মানুহৰ সংঘাতত ৯২৫ জন লোকৰ মৃত্যু

0
38
প্ৰতিনিধিত্বমূলক চিত্ৰ

হাতী-মানুহৰ সংঘাতত যোৱা ১০ বছৰত ওড়িশাত কমেও ৯২৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে একে সময়ছোৱাত ৭৮৪ টা বনৰীয়া হাতীৰ মৃত্যু হোৱা বুলি মঙলবাৰে ৰাজ্যখনৰ বিধানসভাক অৱগত কৰা হয়।

২০১৭ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনত ১৯৭৬টা হাতী আছে বুলি বন, পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী প্ৰদীপ আমাতে জানিবলৈ দিয়ে।

বিজেপিৰ বিধায়ক ললিতেন্দু বিদ্যাধৰ মহপাত্ৰৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ২০১২ চনৰ পৰা ২০২২ চনৰ ভিতৰত ৰাজ্যখনত হাতীৰ আক্ৰমণত ৯২৫ জন লোক নিহত হোৱাৰ লগতে ২১২ জন শাৰীৰিকভাৱে অক্ষম হৈ পৰিছে।

২০১২-১৩ চনত ৮০গৰাকী, ২০১৭-১৮ চনত ১০৫ আৰু ২০২১-২২ চনত ১১২ জন লোকৰ মৃত্যু হৈছিল হাতীৰ আক্ৰমণত।

২০২০-২১ চনত হাতীৰ আক্ৰমণত সৰ্বাধিক ১৩৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০১৯-২০ চনত ১১৭ জন লোকৰ মৃত্যু হৈছে।

একেদৰে হাতী আক্ৰমণত স্থায়ীভাৱে অক্ষম হোৱা লোকৰ সংখ্যাও ২০১২-১৩ চনত পাঁচজনৰ পৰা ২০২১-২২ চনত ৫১জনলৈ বৃদ্ধি পাইছে ৰাজ্যত।

হাতীৰ আক্ৰমণত মানুহে প্ৰাণ হেৰুওৱাৰ উপৰি ওড়িশাত বিগত ১০ বছৰত ৭৮৪টা হাতীৰ মৃত্যুৰ খবৰ পোৱা বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

২০১২-১৩ চনত ৮২টা জাম্বোৰ মৃত্যু হোৱাৰ বিপৰীতে ২০১৫-১৬ চনত এই সংখ্যা ৮৬টা, ২০১৮-১৯ চনত ৯৩টা আৰু ২০২১-২২ চনত ৮৬টালৈ বৃদ্ধি পাইছে।

আনহাতে এই সময়ছোৱাত ৰাজ্য চৰকাৰে ৩৯টা হাতী মৃত্যুৰ ঘটনাৰ তদন্ত চলাই ৫০জন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। অৱশ্যে এই গোচৰসমূহত এতিয়ালৈকে এজনো অভিযুক্তক দোষী সাব্যস্ত হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে কয়।