28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিগত ২৪ ঘন্টাত কৰ’ণাত আক্ৰান্ত হৈ ৰাজ্যত ৯২ জনৰ মৃত্যু, কি ক’লে ‌মুখ্যমন্ত্ৰীয়ে…

    বিগত ২৪ ঘন্টাত কৰ’ণাত আক্ৰান্ত হৈ ৰাজ্যত ৯২ জনৰ মৃত্যু, কি ক’লে ‌মুখ্যমন্ত্ৰীয়ে…

    ৰাজ্যত কৰ’ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ মাজতেই আজি ৯২ গৰাকী লোকে প্ৰাণ হেৰুৱাই। কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

    এই ক্ষেত্ৰত উদ্বিগ্নতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে বহু ৰোগী অক্সিজেনৰ অভাৱত মৃত্যু হৈছে। কিয়নো বহুতে অক্সিজেনৰ মাত্ৰা ৩০ শতাংশ হ’লেহে চিকিৎসালয়লৈ আহে।

    অক্সিজেনৰ মাত্ৰা ৯০ শতাংশ হ’লেই ৰোগীক চিকিৎসালয়লৈ অহাৰ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ। লগতে কয় যে হোম আইচলেছনত থকা ৰোগী সকলৰ মাজত অধিক অক্সিজেন সংকতে দেখা দিছে।

    উল্লেখ্য যে কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে বহু পদক্ষেপ গ্ৰহণ কৰা দেখা যায়। ইয়াৰ মাজতে অহা শুকুৰবাৰৰ পৰা ৰাজ্যত আন্ত:জিলা যাতায়ত বন্ধ কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে।

    তদুপৰি বৰ্তমান ৰাজ্যত কৰ’ণাৰ ত্ৰাস ৰোধ কৰিবলৈ সান্ধ্য আইন বলবৎ কৰা দেখা যায়।

    আৰু পঢ়ক : প্ৰতিৱেশী মহিলাৰ আক্ৰমণত থিতাতে চামগুৰিৰ নিহত বিমলা !

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং