৯০০০ টকা দৰমহা শোষণৰ বাদে আন একো নহয়, কিয় এনেদৰে ক’বলগা হ’ল উচ্চতম ন্যায়ালয়ে?

0
1810
ফাইল ফটো

ওড়িশাৰ গৃহৰক্ষী বাহিনীৰ জোৱানৰ দৰমহা সম্পৰ্কত মত প্ৰকাশ কৰি দেশৰ উচ্চতম ন্যায়ালয়ে ওড়িশা চৰকাৰক সেই সম্পৰ্কে পুনৰ বিৱেচনাৰ বাবে আহ্বান জনায়।

বৰ্তমান ওড়িশা চৰকাৰে ৰাজ্যখনত কৰ্তব্যৰত গৃহৰক্ষী বাহিনীৰ জোৱান সকলক প্ৰতিমাহে ৯০০০ টকাকৈ দৰমহা প্ৰদান কৰি আহিছে।

গৃহৰক্ষী বাহিনীৰ জোৱান সকলে লাভ কৰা নূন্যতম ৯০০০ টকাৰ দৰমহা সম্পৰ্কত মত প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে সেয়া শোষণৰ বাহিৰে আন একো নহয় বুলি কয়।

“কেনেদৰে মাত্ৰ ৯০০০ টকাৰে পৰিয়াল চলাই এজন গৃহৰক্ষী বাহিনীৰ জোৱানে জীয়াই থাকিব…..গৃহৰক্ষী বাহিনীৰ জোৱান সকলে অন্য আৰক্ষী জোৱানে কৰা সমপৰ্যায়ৰ কৰ্তব্য পালন কৰে,” উচ্চতম ন্যায়ালয়ে এইদৰে কয়।

উচ্চতম ন্যায়ালয়ে ওড়িশা চৰকাৰক গৃহৰক্ষী বাহিনীৰ জোৱান সকলক প্ৰতিমাহে প্ৰদান কৰি অহা ৯০০০ টকা সম্পৰ্কত পুনৰ বিৱেচনা কৰি দৰমহা বৃদ্ধি সম্পৰ্কত চিন্তা-চৰ্চা কৰাৰ বাবেও আহ্বান জনায়।