25 C
Guwahati
Sunday, May 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    জঘন্য! ৫৮ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি এটি ৯ বছৰীয়া শিশু

    জানিবলৈ দিয়া অনুসৰি ৯ বছৰীয়া শিশুটিক ফুচলাই নিজ ঘৰলৈ নি বলপূৰ্বকভাৱে ধৰ্ষণ কৰিছিল

    ৰাজ্যত পুনৰ সংঘটিত হৈছে শিশু ধৰ্ষণৰ ঘটনা। এইবাৰ এই জঘন্য ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ যোগীঘোপাত।

    ৫৮ বছৰীয়া বৃদ্ধাৰ কামনাৰ বলি হ’ল ৯ বছৰীয়া শিশু। ধৃত ধৰ্ষণকাৰীৰ নাম ছমেৰ আলী (৫৮)।

    যোগীঘোপাৰ চলন্তাপাৰাৰ বাসিন্দা পাষণ্ডটোৰ।

    জানিবলৈ দিয়া অনুসৰি ৯ বছৰীয়া শিশুটিক ফুচলাই নিজ ঘৰলৈ নি বলপূৰ্বকভাৱে ধৰ্ষণ কৰিছিল।

    লম্পট ধৰ্ষণকাৰী বৃদ্ধজন শিশুটিৰ সম্পৰ্কীয় ককাদেউতা।

    ঘটনা সংঘটিত কৰি বৃদ্ধা লম্পটে পলায়ন কৰিছিল যদিও যোগীঘোপা আৰক্ষীয়ে ভড়ালকুণ্ডিৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

    ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ধৰ্ষণৰ ঘটনাক লৈ যোগীঘোপাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি।

    Photo: Time8

    Input: Dalim Roy

    Published:

    1 COMMENT

    Comments are closed.

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং