
৯ বছৰীয়া শিশু ধৰ্ষণকাণ্ড, গ্ৰেপ্তাৰ হ’ল পোহনীয়া কুকুৰ!
এটি ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এটা কুকুৰ। এই ঘটনা আমেৰিকাৰ।এগৰাকী মহিলাই নিজৰ ৯ বছৰীয়া সন্তানটিৰ লগত হোৱা ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে পোহনীয়া কুকুৰটোৰ বিৰুদ্ধে।
তাৰ পিছতেই কুকুৰটোক ভেটেনাৰী বিভাগ আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে মহিলা গৰাকীয়ে মিছা কথা কৈছে।
আৰক্ষীৰ মতে শিশুটিৰ লগত মহিলা গৰাকীৰ দ্বিতীয় স্বামীয়ে ধৰ্ষণ কাণ্ড সংঘটিত কৰিছে আৰু নিজৰ দ্বিতীয় স্বামীক বচাবলৈ মহিলা গৰাকীয়ে এই মিছা কথা কৈছে।
বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। শিশুটিৰ ডিএনএ পৰীক্ষাৰ দ্বাৰা এই তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব আৰক্ষীয়ে।
মেক্সিকোৰ মহিলা গৰাকীয়ে দাবী কৰিছে যে তেওঁৰ কন্যাৰ লগত ঘৰত কেৱল পোহনীয়া কুকুৰটোৱে আছিল। জানিব পৰা মতে মহিলা গৰাকীকো সোধা পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
আৰক্ষীয়ে মহিলা গৰাকীৰ দ্বিতীয় স্বামীকো গ্ৰেপ্তাৰ কৰিছে আৰু তদন্ত চলাই আছে। লগতে মহিলা গৰাকীৰ স্বাস্থ্য সম্বন্ধ পৰীক্ষাও কৰিব আৰক্ষীয়ে।তদন্তৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।
আৰু পঢ়ক : অনলাইন খেলৰ নিচা, ১৩ বছৰীয়াই অনলাইন খেলৰ নামত উৰুৱালে ৩ লাখ টকা