মৰিয়নীত ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি ৯ বছৰীয়া কণমানি

লম্পটক আতক কৰিবলৈ সক্ষম হয় আৰক্ষী

0
736

গোলাঘাটৰ পিছত মৰিয়নীতো সংঘটিত হৈছে একেই সদৃশ এক ঘটনা। ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি এটি ৯ বছৰীয়া কণমানি। কালি গোলাঘাটৰ বৃদ্ধ পাষণ্ডক গ্ৰেপ্তাৰৰ পিছতে আজি মৰিয়নীতো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পাষণ্ডক। গোলাঘাটত ১২ বছৰীয়া আৰু এইবাৰ মৰিয়নীত ৯ বছৰীয়া শিশু কামনাৰ বলি।

মৰিয়নীৰ অবুজন ভুক্তভোগী কণমানিৰ মাতৃৰ এজাহাৰ দাখিল মৰিয়নী থানাত৷ অৱশ্যে এই ঘটনা সংঘটিত হৈছিল আজিৰ পৰা ৩ মাহ পূৰ্বেই। পিছে ইমান দিলে পলাতক অৱস্থাত আছিল পাষণ্ড বৃদ্ধ।

কিন্তু আজি ৩ মাহৰ পাছত পলাতক লম্পটক আতক কৰিবলৈ সক্ষম হয় আৰক্ষী। মৰিয়নী নাগাজাংকা বচাগাঁওৰ দেবেন গগৈয়ে এই দুচকাৰ্য সংঘটিত কৰে৷

যোৱা ২৫ ফেব্ৰুৱাৰীত চকলেট দিয়াৰ প্ৰলোভনে দুচকাৰ্য কৰাৰ অভিযোগ কণমানিৰ মাতৃৰ৷ মৰিয়নী আৰক্ষী থানাত ধাৰা ৭২/২০, ৩৭৬(২)(I)R/W SEC POSCO ACT অধীনত দেবেন গগৈক আৰক্ষীয়ে আজি জেললৈ প্ৰেৰণ কৰে৷

Photo Credit: @sopoonrehmansaikia