32 C
Guwahati
Saturday, September 25, 2021
More

    লোকসভাত অভব্য আচৰণ, নিলম্বিত হ’ব পাৰে এইসকল সাংসদ

    পেগাছাছ ইচ্ছ্যু লৈ বুধবাৰেও উত্তপ্ত হৈ পৰে লোকসভাৰ মজিয়া। বুধবাৰে লোকসভাৰ কাম-কাজ আৰম্ভ হোৱাৰ সময়তে পেগাছাছ স্পাইৱেৰ প্ৰসংগলৈ প্ৰতিবাদ মুখৰ হৈ পৰে বিৰধী দলৰ সাংসদ সকল। বহু সাংসদে লোকসভাৰ অধ্যক্ষৰ ওচৰলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অধ্যক্ষৰ হাতৰ কাগজ কাঢ়ি নিয়া বুলিও অভিযোগ উত্থাপিত হৈছে। কেবল কাগজ কাঢ়ি নিয়াতে ক্ষান্ত নাথাকি বহু সাংসদে লোকসভাৰ অধ্যক্ষৰ প্ৰতি অভব্য আচৰণ কৰা বুলিও অভিয়োগ উঠিছে।

    হয়তো এনে আচৰণৰ বাবে পৰৱৰ্তী সময়ত নিলম্বিতও হ’ব পাৰে এইসকল সাংসদ।

    সাংসদ গুৰুজিৎ সিং অজলা, জোথিমানি চেন্নিমালাই, সপ্তগিৰি শংকৰ উলাকা, ভি বৈথিলিংগম, এ এম আৰিফৰ নাম সাঙোৰ খাই পৰিছে অধ্যক্ষৰ বিৰুদ্ধে অভব্য আচৰণ কৰা সকলৰ তালিকাত।

    উল্লেখযোগ্য যে, বুধবাৰৰ দিনটোতে লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদন পেগাছাছ স্পাইৱেৰক লৈ উত্তাল হৈ পৰে।

    অধ্যক্ষই যাৰ বাবে বাৰে বাৰে সদনৰ কাম-কাজ স্থগিত ৰাখিবলগীয়া হয়।

    সদনৰ ভিতৰত বিৰোধীৰ আচৰণ সম্পৰ্কত সংবাদ মাধ্যমৰ আগত নিজৰ মত ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে।

    “প্ৰতিবাদ নিশ্চিতভাৱে কৰা হওক কিন্তু গণতন্ত্ৰৰ মন্দিৰৰ মৰ্যদা অক্ষুণ্ণ ৰাখি এই প্ৰতিবাদ কৰা উচিত,” অনুৰাগ ঠাকুৰে এইদৰে কয়।

    আৰু পঢ়ক : ৰাজ কুন্দ্ৰাক সমৰ্থন এগৰাকী অভিনেত্ৰীৰ, কলে ‘পৰ্ণ ইণ্ডাষ্ট্ৰিত কোনেও কাকো জোৰ নকৰে’

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং