ডিমৌৰ থাওৰাদলত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৯গৰাকী যাত্ৰী

দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ ভিতৰত কেইবাজনো যাত্ৰী আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। পুৱা ৮.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো

0
537

ডিমৌৰ থাওৰাদলত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন আলট্ৰা বাছ আৰু ট্ৰেভেলাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ ৯ গৰাকী যাত্ৰীৰ মৃত্যু হয়। ১৫ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ ভিতৰত কেইবাজনো যাত্ৰী আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। পুৱা ৮.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাগ্ৰস্ত আলট্ৰা বাছখন আছিল ডিব্ৰুগড় অভিমুখী আৰু যোৰহাট অভিমুখী আছিল ট্ৰেভেলাৰখন। দুৰ্ঘটনাৰ পিছতে বাছখনৰ চালকে পলায়ন কৰে ঘটনাস্থলীৰ পৰা। ডিমৌ আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত আহতসকলক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

দুৰ্ঘটনাটোত নিহত এজন ডিমৌৰ নৰেন ভৰালী বুলি চিনাক্ত হৈছে যদিও বাকীকেইজন নিহতৰ পৰিচয় এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই। নিহতসকলক ডিমৌ আদৰ্শ চিকিৎসালয়তে ৰখা হৈছে। আহতসকলৰ নাম ৰশ্মি ৰেখা কছাৰী, ইছলাম আহমেদ, প্ৰদীপ দিহিঙীয়া, দেহা সিং নাথ, বিপুল তামুলী, মহম্মদ কুড্ডুচ আলি, ভোগেশ্বৰ বৰুৱা।

চাওক ভিডিঅ’

ডিমৌৰ পৰা মৰানলৈ চাৰিলেন যুক্ত পথ নিৰ্মাণ চলাই থকা নিৰ্মানকাৰী প্ৰতিষ্ঠানটোৱে ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত দ দ পুখুৰী সদৃশ গাঁত সৃষ্টি কৰি থোৱাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি স্থানীয় ৰাইজৰ অভিযোগ।

চাওক ভিডিঅ’