অভিযন্তাৰ চমকপ্ৰদ দক্ষতাঃ ৮৫ বছৰীয়া পুৰনি অট্টালিকা নভঙাকৈয়ে কৰিলে স্থানান্তৰ, চাওঁক ভিডিঅ’

0
402

এটা ৮৫ বছৰীয়া অট্টালিকা! নভঙাকৈয়ে ইঠাইৰ পৰা সিঠাইলৈ অট্টালিকা স্থানান্তৰ কৰিলে সুদক্ষ অভিযন্তাই।

বিশ্ববাসীক আশ্চৰ্য কৰাই প্ৰত্যেকদিনেই নতুন প্ৰযুক্তিবিদ্যা ব্যৱহাৰ অথবা উদ্ভৱ কৰাত চীন সকলোতকৈয়েই শীৰ্ষত।

গুগল

চীনৰ শ্বাংঘাই চহৰত ১৯৩৫ চনতেই নিৰ্মাণ কৰা এটা ৭৬০০ টনৰ বিদ্যালয়ৰ অট্টালিকা নভঙাকৈয়ে এঠাইৰ পৰা আন এঠাইলৈ স্থানান্তৰ কৰায়। এই সমগ্ৰ প্ৰক্ৰিয়াত অভিযন্তাসকলে নতুন প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি বিশ্ববাসীক অনুপ্ৰানিত কৰিছে।

এই সমগ্ৰ প্ৰক্ৰিয়াটো ১৮ দিনৰ ভিতৰত ১৯৮ টা ৰবটিক টুল ব্যৱহাৰ কৰি অট্টালিকাটো প্ৰায়৬২ মিটাৰ দূৰলৈ স্থানান্তৰ কৰিছে।