মণিপুৰৰ চুৰাচন্দপুৰ জিলাৰ কেইবাটাও অঞ্চলত চলোৱা অভিযানৰ সময়ত আৰক্ষীয়ে অতি কমেও ৮০ জন ম্যানমাৰৰ নাগৰিকক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে জিলাখনৰ ৱাল ভেং অঞ্চলৰ কেইবাটাও স্থানত অভিযান চলাই ম্যানমাৰৰ নাগৰিক সকলক আটক কৰে।
ইয়াৰে এটা অভিযানত দুটা ভাড়াঘৰৰ পৰা ৪০ জন ম্যানমাৰৰ নাগৰিকক আটক কৰা হৈছিল।
আন ৪০ জন ম্যানমাৰৰ নাগৰিকক বেলেগ স্থানত অভিযান চলাই আটক কৰা হয়।
আটকাধীন সকলৰ ভিতৰত ২৫ জন পুৰুষ, ৩৫ জন মহিলা আৰু ২০ জন শিশু আছে।
ইফালে, চুৰাচান্দপুৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰা হৈছে।
পিছত আটক কৰা সকলো ব্যক্তিৰ বিৰুদ্ধে বিদেশী আইনৰ প্ৰাসংগিক বিধানৰ অধীনত গোচৰ ৰুজু কৰা হয়।