নৈত মাছ ধৰি থকাৰ সময়তে ৮ বছৰীয়া শিশুক পিতৃ-মাতৃৰ সন্মুখতে গিলি থ’লে ঘঁৰিয়ালে! ঘটনাটো মাথো চাই ৰ’বলৈহে বাধ্য হ’ল সকলো

0
9843

নৈত মাছ ধৰি থকাৰ সময়তে ৮ বছৰীয়া শিশুক পিতৃ-মাতৃৰ সন্মুখতে গিলি থ’লে ঘঁৰিয়ালে! ঘটনাটো মাথো চাই ৰ’বলৈহে বাধ্য হ’ল সকলো

এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। কেতিয়াও ভাবিব নোৱাৰা এক ভয়ানক ঘটনা সংঘটিত হৈছে কোষ্টা ৰিকাত। পিতৃ-মাত-ৰ সন্মুখতে এটা ঘঁৰিয়ালে তেওঁৰ ৮ বছৰীয়া পুত্ৰ সন্তানক টানি নি গিলি খালে। এই দৃশ্যৰ বন্দি হৈ ৰ’ল সকলোৱেই কেৱল চকুৰ সন্মুখত।

মাক দেউতাকৰ সৈতে পৰিয়ালটোৰ চাৰিজন ভাই-ভনীয়ে কোষ্টা ৰিকাৰ লিমন চহৰৰ মতিনা নদীলৈ মাছ ধৰিবলৈ গৈছিল। নৈত মাছ ধৰি থকাৰ সময়তে ৮ বছৰীয়া জুলিঅ’ক আঁঠুৰ ওপৰত কামুৰি ধৰে এটা ঘঁৰিয়ালে।

উল্লেখযোগ্য যে, শিশুটিয়ে ভয়তে চিঞৰিছিল যদিও মাক-দেউতাকে তেওঁক বচোৱাৰ কাৰণে কোনো সময়েই নাপালে কোনোৱে। শিশুটিক মুহূৰ্তৰ ভিতৰতে ঘঁৰিয়ালটোৱে গভীৰ পানীৰ মাজলৈ লৈ যায়। জুলিঅ’ক আৰু বিচাৰি পোৱা নগ’ল।

এই শোকাৱহ ঘটনাটো সংঘটিত হৈছিল আজিৰে পৰা প্ৰায় পূৰ্বে, অৰ্থাৎ ৩০ অক্টোৱৰত দুপৰীয়া ২ বজাত সংঘটিত এই ঘটনাৰ খবৰ বন জুইৰ দৰে বিয়পি পৰাত নৈৰ কাষত বহু লোকে ভিৰ কৰিছিল। উল্লেখ্য যে, এমাহৰ পিছত আজি এজন মৎস্য চিকাৰীয়ে এটা ঘঁৰিয়াল হত্যা কৰে।

ঘঁৰিয়ালটোৰ পেটৰ পৰা মানুহৰ হাড় আৰু চুলিৰ অংশৰ লগতে শিশুটিয়ে পিন্ধা কাপোৰৰ অৱশিষ্ট উদ্ধাৰ কৰা হয়। যাৰ ফলত সকলোৱে নিশ্চিতহৈ পৰে যে টানি নিয়াৰ পিছতে ঘঁৰিয়ালটোৱে ৮ বছৰীয়া জুলিঅ’ক ভক্ষণ কৰিছিল।