১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ; ২.৫০ লাখ টকা নিদিয়াত ভাইৰেল কৰিলে ভিডিঅ’

0
935
প্ৰতিনিধিত্বমূলক চিত্ৰ

এগৰাকী কিশোৰীক শাৰিৰীক নিৰ্যাতন চলোৱা আন এক ঘটনা পোহৰলৈ আহিছে। ঘটনাটো ৰাজস্থানৰ আলৱাৰৰ। আৰক্ষীয়ে জানিব দিয়া মতে, ১৭ বছৰীয়া কিশোৰী এগৰাকীক কেইবাজনো পাষণ্ডই মিলি দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

গোচৰ সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

আৰক্ষীৰ প্ৰাথমিক তদন্তত জানিব পৰা গৈছে যে অভিযুক্তই কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ ভিডিঅ’ও বনাইছিল আৰু একেটা ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দি ছোৱালীজনীৰ পৰা ধন দাবী কৰিছিল।

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, এই পৰ্যন্ত অভিযুক্তই ছোৱালীজনীৰ পৰিয়ালৰ পৰা ৫০ হাজাৰ টকা সংগ্ৰহ কৰিছে। কিন্তু ধৰ্ষণকাৰী কেইজনে আৰু ২.৫ লাখ টকা দাবী কৰিছিল।

আৰক্ষীয়ে অভিযুক্ত কেইজনক আৰবাজ, জাভেদ, মুস্তাকিম, তালিম, ছলমান, আক্ৰাম, চাহিল আৰু আক্ৰাম বুলি চিনাক্ত কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, কিশোৰীগৰাকীয়ে যেতিয়া অভিযুক্তক ধন দিবলৈ অস্বীকাৰ কৰিছিল, তেতিয়া তেওঁলোকে ধৰ্ষণৰ ভিডিঅ’টো ভাইৰেল কৰিছিল। এই আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰিছে।