22 C
Guwahati
Friday, January 21, 2022
More

    গুৱাহাটীত বিশেষ ৰে’লেৰে উপস্থিত ৰে’ল দুৰ্ঘটনাগ্ৰস্ত লোকসকল

    গুৱাহাটীত বিশেষ ৰে’লেৰে উপস্থিত ৰে’ল দুৰ্ঘটনাগ্ৰস্ত লোকসকল

    গুৱাহাটী অভিমুখী বিকানেৰ এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ পিছত বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান। বহু গুৰুতৰভাৱে আহত লোক হাস্পতালত ভৰ্তি। আনহাতে বৰ্তমানলৈ মৃতকৰ সংখ্যা সঠিকভাৱে জানিব পৰা হোৱা নাই যদিও ৮ জন লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ।

    সেই দুৰ্ঘটনাগ্ৰস্ত ৰে’ল খনৰ বহু যাত্ৰী অসমৰ লোক আছিল। লোক সকলক ইতিমধ্যে বিশেষ ৰেল যোগে অসমলৈ অনা হৈছে। ইতিমধ্যে উপস্থিত হৈছে অসমত।

    অসমৰ সীমান্তত প্ৰৱেশ কৰা পূৰ্বে সংঘটিত হৈছিল দুৰ্ঘটনাটো। আনহাতে অসমত আহি পোৱা বিশেষ ৰেলৰ বহু যাত্ৰী নিজ নিজ গন্তব্য স্থানত নামিছে। ইয়াৰ উপৰিও গুৱাহাটীলৈ আহিব লগীয়া লোক সকলক গুৱাহাটীৰ পৰা বাছেৰে ঘৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।

    ইতিমধ্যে গুৱাহাটী ৰে’লৱে ষ্টেচনত সাজু কৰা হৈছে ASTC ৰ ৭খনকৈ বাছ। ইতিমধ্যে বঙাইগাঁৱত ২৩ জনকৈ যাত্ৰী নামিছে বুলি খবৰ আহিছে। যাত্ৰীসকলৰ ভিতৰত আছে ৪গৰাকী মহিলা, ১৭ জন পুৰুষ আৰু দুটি শিশু।

    ৰেল দূৰ্ঘটনাৰ বাবে মুখ্যমন্ত্ৰীয়েও নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হোৱা ভোগালী বিহুত নিউ গুৱাহাটী ফিল্ডত মেজি জ্বলোৱাৰ কাৰ্যসূচী বাতিল কৰিছে।

    আৰু পঢ়ক : বিহুৰ মাজতে লাহৰীঘাটত ভয়ংকৰ অগ্নিকাণ্ড; জুইত জাহ গ’ল কোটি টকাৰ সামগ্ৰী…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং