27 C
Guwahati
Thursday, August 4, 2022
More

    ৮ খন ব্লকব্লাষ্টাৰ ছবিত কাম নকৰো বুলি পোনচাটেই উঠাই দিছিল… তথাপি যেন শ্বাহৰুখ শ্বাহৰুখেই

    ৮ খন ব্লকব্লাষ্টাৰ ছবিত কাম নকৰো বুলি পোনচাটেই উঠাই দিছিল… তথাপি শ্বাহৰুখ যেন শ্বাহৰুখেই

    শ্বাহৰুখ খান আজি বলীউডত এটা ডাঙৰ নাম। কিং খান, বাদশ্বাহ শ্বাহৰুখৰ প্ৰায় প্ৰতিখন ছবিয়েই হিট।

    সেই কিং খানেই আজি বলীউডত ৩০ বছৰ পূৰ্ণ কৰিলে।

    ৩০ পূৰ্বে, বলীউডৰ কিং খান শ্বাহৰুখ খানৰ প্ৰথম ছবি ‘দিৱানা’ মুক্তি পাইছিল।

    ছবিখনত তেওঁৰ সৈতে আছিল সেই সময়ৰ মহাতাৰকা ঋষি কাপুৰ আৰু মোহময়ী অভিনেত্ৰী দিব্যা ভাৰতী।

    সেই ছবিৰে বলীউডত ভৰি থোৱা শ্বাহৰুখ আজিয়ো এগাৰকী সক্ৰিয় মুখ্য় অভিনেতা।

    পাছে সেই শ্বাহৰুখেই নিজৰ কেৰিয়াৰত বহু কেইখন ছবি কৰাৰ বিপৰীতে বহু কেইখন ৰিজেক্টো কৰি দিছিল।

    যাৰ ভিতৰত এনে কেইখনমান ছবি আছে, যি ছবি শ্বাহৰুখে অভিনয় নকৰো বুলি উঠাই দিয়াৰ পাছত অন্য অভিনেতাৰে সৈতে ব্লকব্লাষ্টাৰ প্ৰমাণিত হৈছে।

    সেই ছবিকেইখন হ’ল-

    লগান (Lagaan)
    আমিৰ খানৰ আটাইতকৈ চৰ্চিত চলচ্চিত্ৰ লগানৰ নাম এই তালিকাৰ প্ৰথম স্থানত আছে। শ্বাহৰুখক এই ছবিখনত মুখ্য চৰিত্ৰৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু তেওঁ ছবিখনত কাম কৰিবলৈ ভাল নাপালে। পাছৰ কথা সকলোৱে জানে।

    কহো না প্যাৰ হে (Kaho Na Pyar Hai)
    কহো না প্যাৰ হে য’ত হৃত্বিক ৰোশনক মুখ্য চৰিত্ৰত দেখা গৈছিল। সেয়া আছিল হৃত্বিক ৰোশনৰ জীৱনৰ প্ৰথমখন ছবি। পাছে এই ছবিখনৰ মুখ্য চৰিত্ৰ প্ৰথমে শ্বাহৰুখ খানক আগবঢ়োৱা হৈছিল।

    মুন্না ভাই এমবিবিএছ (Munna Bhai M.B.B.S.)
    সঞ্জয় দত্তক এক নতুন পৰিচয় প্ৰদান কৰা মুন্না ভাই এমবিবিএছকো পূৰ্বে শ্বাহৰুখক আগবঢ়োৱা হৈছিল।

    থ্ৰী ইডিয়টচ (3 Idiots)
    আমিৰ খানৰ ছবি থ্ৰী ইডিয়টছে ভাৰতৰ লগতে বিদেশৰ মাটিতো বহু লোকৰে হৃদয় জয় কৰিছিল। এই চলচ্চিত্ৰখনত শ্বাহৰুখক মুখ্য চৰিত্ৰত দেখা পোৱাৰ কথা আছিল, কিন্তু সেয়া সময়ত হৈ নুঠে।

    ৰং দে বাসন্তী (Rang De Basanti)
    আধুনিক দেশ ভক্তিৰ ৰং দে বাসন্তী বোলছবিখনৰ এটা চৰিত্ৰ শ্বাহৰুখলৈ আগবঢ়োৱৈ হৈছিল। আৰ মাধৱনৰ চৰিত্ৰটো শ্বাহৰুখক আগবঢ়োৱা হৈছিল। কিন্তু একেবাৰে কম সময়ৰ সেই চৰিত্ৰটো নকৰাৰ সিদ্ধান্ত লৈছিল শ্বাহৰুখে।

    শ্লামডগ মিলিয়নাৰ (Slumdog Millionaire)
    অষ্কাৰলৈ যোৱা লগতে সংগীতত অষ্কাৰ লাভ কৰা শ্লামডগ মিলিয়নাৰত অনিল কাপুৰৰ চৰিত্ৰটো প্ৰথমে শ্বাহৰুখক আগবঢ়োৱা হৈছিল।

    যোধা আকবৰ (Jodhaa Akbar)
    পুনৰ শ্বাৰুখে নাকচ কৰা ছবি কৰি সফলতা লাভ কৰিছিল হৃত্বিক ৰোশনে। ঐশ্বৰ্যৰ বিপৰীতে শ্বাহৰুখ খানক আগবঢ়োৱা হৈছিল আকবৰৰ চৰিত্ৰটো।

    ৰবট (Robot)
    সকলো তৈয়াৰি হৈ উঠিল। শ্বাহৰুখ খানেই হব ৰবট ছবিৰ মুখ্য চৰিত্ৰ। কিন্তু এক বিতৰ্কৰ পিছত, শ্বাহৰুখে এই ছবিখন প্ৰত্যাহাৰ কৰে। পাছত দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনিকান্তে কৰি এক ইতিহাস ৰচাৰ দৰে হয় ছবিখন।

    আৰু পঢ়ক- ইউৰিক এচিডৰ মহৌষধ এইবিধ বনশাক, লগতে আছে অন্যান্য গুণো

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং