34 C
Guwahati
Friday, September 30, 2022
More

    অগপ নেতা জ্যোতিমণি মৰাণৰ বিৰুদ্ধে ৭৩ বছৰীয়া কেঞ্চাৰ ৰোগীক প্ৰহাৰৰ অভিযোগ

    বিতৰ্কত নাম সাঙোৰ খাইছে দল অসম গণ পৰিষদৰ তিনিচুকীয়া জিলা পৰিষদ সমিতিৰ সভাপতি জ্যোতিমণি মৰাণৰ। এটা সাধাৰণ ঘটনাৰ বাবে এগৰাকী ৭৩ বছৰীয়া নাগৰিকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ মিত্ৰদল অগপৰ এইগৰাকী নেতাৰ বিৰুদ্ধে।

    জানিব পৰা মতে, উদীপ শৰ্মা নামৰ জ্যেষ্ঠ নাগৰিকজনে নিজৰ চাৰিচকীয়া বাহনখন তিনিচুকীয়া অগপ জিলা কাৰ্যালয়ৰ সন্মুখত ৰখাই বজাৰ কৰিব গৈছিল।

    কিন্তু বজাৰ কৰি উভতি অহাৰ পিছত অগপৰ জিলা সভাপতি জ্যোতিমণি মৰাণে লোকজনক অভব্য আচৰণ কৰাৰ লগতে গাড়ীখন কিয় অগপ কাৰ্যালয়ত সন্মুখত পাৰ্কিং কৰিছে বুলি প্ৰশ্ন কৰে।

    আৰম্ভণিতে দুয়োজনৰ মাজত কথাৰ কটাকটি হয় যদিও পিছত অগপৰ নেতাজনে জ্যেষ্ঠ লোকজনক উপৰ্যপুৰি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।     

    এই ঘটনা সংঘটিত হোৱাৰ পিছত জ্যেষ্ঠ লোকজনৰ পৰিয়ালে অগপ নেতাজনৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

    এজাহাৰত উল্লেখ কৰা অনুসৰি ঘটনাটো ৯ আগষ্টৰ দুপৰীয়া প্ৰায় ১.৩০ বজাত সংঘটিত হৈছে।

    জানিব পৰা মতে, কেঞ্চাৰ ৰোগত আক্ৰান্ত জ্যেষ্ঠ লোকজনে নিজৰ পত্নীৰ সৈতে চাৰিচকীয়া বাহনেৰে তিনিচুকীয়ালৈ বজাৰ কৰিব গৈছিল। পত্নী আৰু আন সাধাৰণ লোকৰ সন্মুখতে অগপ নেতাজনে লোকজনক প্ৰহাৰ কৰাৰ অভিযোগ আনিছে।

    ইফালে অগপ নেতাজনে এই সম্পূৰ্ণ ঘটনাটো অসত্য বুলি মন্তব্য কৰি ওলোটাই লোকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

    ক্ষমতাৰ ৰাগীত মাতাল জ্যোতিমণিয়ে দাখিল কৰা এজাহাৰত উল্লেখ কৰে যে উদীপ শৰ্মা নামৰ লোকজনে তিনিচুকীয়াৰ অগপ কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত গাড়ীখন ৰখাই থোৱাৰ ফলত কাৰ্যালয়ৰ ভিতৰলৈ আমাৰ গাড়ী ওলোৱা-সোমাৱাত ব্যাপক অসুবিধাৰ সৃষ্টি কৰে।

    বহু সময়ৰ পিছত শৰ্মা নামৰ ব্যক্তিজনে অগপ কাৰ্যালয় চৌহদত প্ৰৱেশ কৰি জ্যোতিমণি মৰানক অসভ্য ভাষাৰে গালি দিয়াৰ লগতে গাত হাত দি জিলা কাৰ্যালয়ৰ ভূমি লোকজনৰ বুলি দাবী কৰি অগপ অফিচ খালী কৰিবলৈ ভাবুকি প্ৰদান কৰে।

    অগপ নেতাগৰাকীয়ে এই কথা উল্লেখ কৰে এজাহাৰত। অভিযোগ-প্ৰতি অভিযোগৰ মাজতে আৰক্ষীয়ে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং