26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    হাতী-মানুহৰ সংঘাতে পুনৰ প্ৰাণ কাঢ়ি নিলে এগৰাকী ৭১ বছৰীয়া বৃদ্ধৰ

    ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ এজন ব্যক্তিৰ মৃত্যু হোৱাত সমগ্ৰ ডিগবৈতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

    প্ৰাপ্ত খবৰ মতে ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত অইল ইণ্ডিয়া লিমিটেডৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি দূৰ্গাবাৰী অঞ্চলত প্ৰবেশ কৰিছিল হাতীটো।

    বহু সময় ধৰি মানুহৰ বাৰীত কল, কুহিয়াৰ,  কঠাল, আনাৰস আদি খাই পুৱতি নিশা  প্ৰায় ৩.৩০ মান বজাত উভতি আহোতে দূৰ্গাবাৰীৰে চিত্তৰঞ্জন চক্ৰৱৰ্তী (৭১) নামৰ ব্যক্তিজনৰ ঘৰত সোমাই তেওঁক আক্ৰমণ কৰে।

    জানিব পৰা মতে, হাতীটোৱে ব্যক্তিজনৰ ঘৰৰ আগ ফালেৰে প্ৰৱেশ কৰি পিছফালৰ ঘৰৰ খুটা ভঙাত ৭১ বছৰীয়া বৃদ্ধা গৰাকীয়ে গৰু বুলি হুলস্থুল কৰোতেই হাতীতোৱে চোচা লৈ বৃদ্ধজনক বাৰান্দাৰ ওপৰতেই আক্ৰমণ  কৰে।

    এই আক্ৰমণত বৃদ্ধজন গুৰুতৰভাৱে আহত হৈ প্ৰায় পাঁচ ঘন্টাৰ অন্তত নিজা বাসগৃহতেই শেষ নিশ্বাস ত্যাগ কৰে।

    ইনপুট : বিজয় সূত্ৰধৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং