26 C
Guwahati
Monday, September 26, 2022
More

    লজ্জাজনক! ৭০ বছৰীয়া নামঘৰীয়াৰ দ্বাৰা নাবালিকাক যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ..

    লজ্জাজনক! ৭০ বছৰীয়া নামঘৰীয়াৰ দ্বাৰা নাবালিকাক যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ…শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত অভয়াপুৰীয়া গাঁৱত এই চৰম লজ্জাজনক ঘটনা সংঘটিত হৈছে।

    এগৰাকী বৃদ্ধ নামঘৰীয়াৰ দ্বাৰা নাবালিকাক যৌন নিৰ্যাতন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীকো দাখিল কৰা হৈছে এজাহাৰ।

    সত্তৰ বছৰীয়া বৃদ্ধ তথা নামঘৰীয়াৰ কৰ্মকাণ্ডই এতিয়া লজ্জানত কৰিছে গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত অভয়পুৰীয়া গাঁৱক।

    ঘটনাৰ বিৱৰনী মতে অভয়পুৰীয়া গাঁৱৰ বৃদ্ধ হলিৰাম শইকীয়াই ঘৰৰ কাষৰে এগৰাকী নাবালিকাক দীৰ্ঘদিনৰে পৰা যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ ।

    হলিৰাম নামৰ লোকগৰাকীয়ে বহুদিন ধৰি বিভিন্ন চলাহী কথাৰে ফুচুলাই নাবালিকা গৰাকীক যৌন নিৰ্যাতন চলাই অহাৰ বিষয়ে পিতৃ-মাতৃক অৱগত কৰাত গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

    নাবালিকা গৰাকীয়ে জনোৱামতে মধুৰীআম খোৱাৰ চলেৰে মাতি নি বৃদ্ধ হালিৰামে বিগত দুটা দিন পূৰ্বে পুনৰ যৌন নিৰ্যাতন চলোৱাৰ পাছত নাবালিকাগৰাকী অসুস্থ হৈ পৰে। ইয়াৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে।

    পিতৃ মাতৃ তথা নাবালিকা গৰাকীয়ে জনোৱা মতে বৃদ্ধ হলিৰাম নামৰ পশুটোৱে তেওঁক বিভিন্ন আপত্তিজনক স্থানত স্পৰ্শ কৰাৰ উপৰিও অশালীন মন্তব্য কৰে।

    পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত গৌৰীসাগৰ আৰক্ষীয়ে POSCO ধাৰাত এক গোচৰ ৰুজু কৰি অভিযুক্ত হলিৰাম শইকীয়াক আটক কৰাৰ লগতে POSCO আইনৰ অধীনত 96/22 নম্বৰৰ 367 AB আৰু POSCO আইনৰ অধীনত RW 6Of posco 219 গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে।

    আনহাতে, অভিযুক্ত হলিৰাম শইকীয়াক জেল হাজোতালৈ প্ৰেৰণ কৰাৰ উপৰিও নাবালিকা গৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে। স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট অহাৰ পাছতেহে মূল ঘটনা পোহৰলৈ আহিব ।

    Input and Photo- Sanjay Pareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং