28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    হোম আইছ’লেশ্যনত থকা এগৰাকী ৭০ বছৰীয়া বৃদ্ধ লোকৰ আত্মহত্যা

    হোম আইছ’লেশ্যনত থকা এগৰাকী ৭০ বছৰীয়া বৃদ্ধ লোকৰ আত্মহত্যা – শিলচৰত এগৰাকী কৰ’ণা ৰোগীৰ আত্মহত্যা৷ চিপ লগাই নিজ বাসগৃহতেই আত্মহত্যা কৰে ৭০ বছৰীয়া সুজনকান্তি বিশ্বাস নমাৰ এগৰাকী বৃদ্ধই।

    মৰ্মান্তিক এই ঘটনাটো সংঘটিত হৈছে শিলচৰ চহৰৰ ৰাঙিৰখাৰি নিবেদিতা লেনত।

    জানিব পৰা মতে, শিলচৰ ৰাঙিৰখাৰি নিবেদিতা লেনৰ এটা ভাড়া ঘৰত বৃদ্ধ ব্যক্তিজন আৰু তেওঁৰ ভনীয়েকে বহু বছৰ ধৰি বাস কৰি আহিছে।

    বৃদ্ধ ব্যক্তিজন যোৱা দহদিন আগতে কৰ’ণাত আক্ৰান্ত হৈ ভাড়া ঘৰতেই হোম আইছ’লেশ্যনত আছিল।

    কিন্তু আজি সন্ধিয়া যেতিয়া ভনীয়েকে বাথৰুমৰ পৰা আহি তেওঁৰ ভাতৃক আত্মহত্যা কৰা অৱস্থাত দেখি হুৱা দুৱা লাগে।

    চাঞ্চল্যকৰ ঘটনাৰ খবৰ পাই আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ লৈ যায়৷

    ইনপুট : ইয়াচিন মজুমদাৰ

    আৰু পঢ়ক : কভিডত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক ৫০ হাজাৰ টকাৰ অনুদান ঘোষণা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং