28 C
Guwahati
Thursday, September 29, 2022
More

    সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, ৭ বছৰীয়া ল’ৰাই কৰি আছিল জ’মেট’ৰ হৈ খাদ্য ডেলিভাৰী

    সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, ৭ বছৰীয়া ল’ৰাই কৰি আছিল জ’মেট’ৰ হৈ খাদ্য ডেলিভাৰী

    জন্ম হৈয়ে যেন ডেকা হৈ পৰিছে কনমানি ল’ৰাটো। মাত্ৰ ৭ বছৰ বয়সতে পিতৃৰ হৈ কাম কৰি আছে পৰিয়ালৰ বাবে। পৰিয়ালৰ বাবে দুবেলা দুমুঠি যোগাৰ কৰাৰ বাবে কৰ্ম জীৱন আৰম্ভ কৰিবলৈ বাধ্য হৈছে ৭ বছৰীয়াই।

    বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ। জ’মেট’ৰ হৈ খাদ্য ডেলিভাৰী কৰা দেখা গৈছে এটি কনমানিক। ভিডিঅটোতে দেখা অনুসৰি কোনোৱে তাক তাৰ বয়স সন্দৰ্ভত সোধাত সি তাৰ বয়স ৭ বছৰ বুলি উল্লেখ কৰিছে।

    লগতে ইয়াকো উল্লেখ কৰিছে যে, তাৰ পিতৃৰ এক দুৰ্ঘটনা হৈ আহত হোৱা বাবেহে সি পৰিয়ালৰ বাবে এনেদৰে ওলাই আহিছে। পঢ়া শুনাৰ সন্দৰ্ভত সোধোতে কৈছে, পুৱা বিদ্যালয় যায় আৰু সন্ধিয়া ৬ বজাৰ পৰা নিশা ১১ বজালৈ ঘৰে ঘৰে খাদ্য বিলাই ফুৰে।

    যি ভিডিঅ দেখি হাজাৰ জনে দুখ প্ৰকাশ কৰাৰ লগতে সেই কনমানিক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে। কোনোৱে সেই ভিডিঅত দেখি কৈছে, জন্মতেই ডাঙৰ হৈ আহিছে সি। কোনোজনে আৰু ল’ৰাটোৰ সম্পূৰ্ণ ঠিকনা বিচাৰিছে।

    ভাৰতৰ জিয়াঅমি ব্ৰেণ্ডৰ শাখাৰ উপসভাপতি মনু কুমাৰ জৈনে ভিডিঅটো শ্বেয়াৰ কৰি কৈছে- ভিডিঅ টো দেখি একপ্ৰকাৰ কান্দোন ওলাই গৈছে। ইমান কম বয়সতেই ইমান সাহসী আৰু কৰ্মস্পৃহা। কোনোৱে জানে যদি ইয়াৰ তথ্য মোৰ সৈতে শ্বেয়াৰ কৰক, মই ল’ৰাটোৰ সম্পূৰ্ণ শিক্ষাৰ দায়িত্ব লব বিচাৰো।

    প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙেও এই ভিডিঅ শ্বেয়াৰ কৰি শিশুটোৰ তথ্য সন্দৰ্ভত জানিব বিচাৰিছে। অৱশ্যে শিশুটিৰ সন্দৰ্ভত কতো কোনো ধৰণৰ তথ্য জানিব পৰা হোৱা নাই।

    শিশুটিৰ নাম, সেই ভিডিঅটো কোন ঠাইৰ এই সন্দৰ্ভতো কোনো তথ্য সদৰি হোৱা নাই। জ’মেট’ৰ ফালৰ পৰাও এই বিষয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং