বিটিচিৰ ৬ মনোনিত সদস্যই ল’লে শপত গ্ৰহণ, অধ্যক্ষ কাতিৰাম বড়োই পঢ়ালে শপত পাঠ

0
185
বিটিচিৰ ৬ মনোনিত সদস্যই ল'লে শপত গ্ৰহণ, অধ্যক্ষ কাতিৰাম বড়োই পঢ়ালে

বিটিচিৰ ৬ মনোনিত সদস্যই আজি ২৯ ডিচেম্বৰ তাৰিখে ল’লে শপত গ্ৰহণ কৰে। বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োই পঢ়ালে শপত পাঠ। কোকৰাঝাৰৰ বিটিচি বিধান পৰিষদ ভৱনৰ প্ৰেক্ষাগৃহত আয়োজিত হয় এই শপত পাঠ অনুষ্ঠান।

ছয় সম্প্ৰদায়ৰ মনোনিত সদস্যসকল হৈছে ক্ৰমে গোৰ্খা সম্প্ৰদায়ৰ পৰা মাধৱ চন্দ্ৰ ছেত্ৰী, শৰণীয়া কছাৰী সম্প্ৰদায়ৰ পৰা চম্পাৱতী ডেকা, চাওতাল সম্প্ৰদায়ৰ পৰা উইলছন হাসদা, কেওঁট সম্প্ৰদায়ৰ পৰা প্ৰদীপ কুমাৰ বায়ন, ৰাভা সম্প্ৰদায়ৰ পৰা হেমন্ত কুমাৰ ৰাভা আৰু সাধাৰণ শ্ৰেণীৰ পৰা অৰ্পনা মেধী।

আটাইকেইগৰাকী মনোনিত সদস্যকে বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োই শপত বাক্য পাঠ কৰায় । ইয়াৰে পাঁচগৰাকী সদস্যই অসমীয়াত শপতবাক্য পাঠ কৰাৰ বিপৰীতে চাওতাল সম্প্ৰদায়ৰ পৰা মনোনিত সদস্য উইলছন হাসদাই নিজৰ মাতৃভাষা চাওতালীত শপত বাক্য পাঠ কৰে ।

বিটিচিৰ ৬ মনোনিত সদস্যই ল'লে শপত গ্ৰহণ

শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োই নিজ ভাষণত মনোনিত সদস্যসকলক শুভেচ্ছা জ্ঞাপন কৰি সকলোকে শান্তি-সম্প্ৰীতি -নিৰাপত্তা আৰু উন্নয়নৰ স্বাৰ্থত কাম কৰিবলৈ আহ্বান জনাইছে ।

ইপিনে মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই সংবাদ মাধ্যমৰ আগত বিগত ১৭ বছৰে কোনো এটা ফাইল ডিজিটেলাইজড নহ’ল বুলি মন্তব্য কৰি বিটিচিত পূৰ্বৰ চৰকাৰে বহু দূৰ্নীতি সংঘটিত কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে। বহু আঁচনিত বিভাগীয় অনুমোদন থকা আৰু ফাণ্ড ৰিলিজৰ পিছতো কোনোধৰণৰ কাম হোৱা নাই বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি বিগত ১৭ বছৰৰ অৰ্থনৈতিক শ্বেতপত্ৰ প্ৰকাশ কৰা হ’ব বুলি মন্তব্য কৰে প্ৰমোদ বড়োই ।

মনোনিত সদস্যই

কামসমুহ পৰ্যবেক্ষণ কৰা হ’ব আৰু সকলো বিষয়বস্তুসমুহ এটা পদ্ধতিগত প্ৰক্ৰিয়াৰ মাজলৈ অনা হ’ব বুলি মন্তব্যৰে প্ৰমোদ বড়োই কাৰ্যবাহী সদস্য পদৰ সংখ্যা বঢ়াবৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ সতে প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি মন্তব্য কৰিছে। প্ৰমোদ বড়োই এইবুলিও কয় যে ৪০ জন সদস্যৰ শপতগ্ৰহণেৰে এতিয়া বিটিচি বিধান পৰিষদ পূৰ্ণাংগ হ’ল আৰু বিটিচিৰ ৪০ টা বিভাগ এতিয়া ৪০ জন সদস্যই চোৱাচিতা কৰিব পাৰিব ।

আগতে কাৰ্যবাহী সদস্যৰ বাহিৰে আন সদস্যসকলৰ কোনো কাম নাছিল বুলি কোৱা হৈছিল। অথচ বিটিচি বিধান পৰিষদলৈ নিৰ্বাচিত হোৱা সকলো সদস্যৰে দক্ষতা আছে আৰু সেয়ে প্ৰতিজন সদস্যকে এটাকৈ বিভাগ চোৱাৰ দায়িত্ব অৰ্পন কৰা হ’ব যদিও সকলোক্ষেত্ৰতে চুড়ান্ত সিদ্ধান্ত কিন্তু সংশ্লিষ্ট বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়েহে লব পাৰিব ।

ফাইল বিচাৰি নোপোৱা বিটিচিত সকলোকে নিষ্ঠা আৰু সততাৰে কাম কৰাৰ আহ্বান জনাই মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই জনতাৰ আশা-আকাংক্ষাক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে ।

উল্লেখ্য যে আজিৰ ছয় মনোনিত সদস্যৰ শপত গ্ৰহণ অনুষ্ঠানত বিটিচিৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীৰ লগতে আন কাৰ্যবাহী সদস্যসকলো উপস্থিত আছিল ।

আৰু পঢ়ক : কন্যাকাল পাইছিলহে, চুবুৰীয়াৰ কামনাৰ বলি হৈ ১২ বছৰীয়াই জন্ম দিলে সন্তান