
ইজৰাইলৰ অংশ পূব জেৰুজালেমত শুকুৰবাৰে এটা ছিনাগগৰ বাহিৰত সংঘটিত গুলীচালনাত কমেও ৭ জন লোক নিহত হয়। ঘটনাস্থলতেই বন্দুকধাৰীজনৰো মৃত্যু হয় বুলি জনাইছে আৰক্ষীয়ে।
আৰক্ষীৰ এক বিবৃতিত কয়, ‘আজি সন্ধিয়া প্ৰায় ৮:৩০ বজাত জেৰুজালেমৰ নেভে ইয়াকোভ বলিভাৰ্ডৰ এটা ছিনাগগত এজন সন্ত্ৰাসবাদী উপস্থিত হৈ অঞ্চলটোৰ কেইবাজনো লোকৰ ওপৰত গুলীচালনা কৰে’।
লগে লগে আৰক্ষী বাহিনীৰ দল সেই স্থানত উপস্থিত হৈ বন্দুকধাৰীজনক গুলীয়াই হত্যা কৰে।
ঘটনাস্থলতে এম ডি এয়ে সংবাদ সংস্থাক জনোৱা মতে, মুঠ ১০ জন লোকৰ মৃত্যু হৈছে, য’ত এজন ৭০ বছৰীয়া ব্যক্তি আৰু এজন ১৪ বছৰীয়া ল’ৰাও আছিল।