
মহাৰাষ্ট্ৰৰ পুনে জিলাৰ দৌণ্ডত এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে। পুত্ৰৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ এজন লোকে নিজৰ ৭জন আত্মীয়ক হত্যা কৰি মৃতদেহসমূহ নদীত পেলাই দিয়ে।
প্ৰথম অৱস্থাত এয়া আত্মহত্যা বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল যদিও আৰক্ষীৰ তদন্তত এয়া হত্যাকাণ্ড বুলি পোহৰলৈ আহে।
১৮ৰ পৰা ২২ জানুৱাৰীৰ ভিতৰত পুনেৰ দৌণ্ডৰ ভীমা নদীত ইটোৰ পিছত সিটোকৈ ৭টা মৃতদেহ উদ্ধাৰ হয়। প্ৰথম অৱস্থাত আৰক্ষীয়ে ভাবিছিল যে এয়া আত্মহত্যাৰ গোচৰ। কিন্তু যেতিয়া আৰক্ষীয়ে মৃত মহিলাৰ পৰা পোৱা মোবাইল ফোনটোৰ জৰিয়তে মৃতকক চিনাক্ত কৰে তেতিয়াই গম পালে যে আটাইকেইজনেই একেটা পৰিয়ালৰ।
মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছে স্বামী-স্ত্ৰী আৰু তেওঁৰ জীয়েক আৰু জোঁৱাইৰ লগতে তিনিৰ পৰা সাত বছৰীয়া তিনিটা শিশুও আছে।
সমগ্ৰ পৰিয়ালটোৰ মৃতদেহ একেলগে দেখাৰ পিছত অঞ্চলটোত চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰাৰ লগতে আৰক্ষীও হতচকিত হৈ পৰে।
ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
পুনে গ্ৰাম্য আৰক্ষী অধীক্ষক অংকিত গোয়েলে জনোৱা মতে এই সাতজন লোকক হত্যা কৰা হৈছে আৰু এই হত্যাকাণ্ড একেখন গাঁৱতে বাস কৰা নিজৰ আত্মীয়ই কৰিছে।
তেওঁ কয় যে ইয়াৰ প্ৰধান কাৰণ এইটোৱেই যে অভিযুক্তৰ জ্যেষ্ঠ ভাতৃ অশোক পাৱাৰৰ পুত্ৰ ধনঞ্জয় পাৱাৰৰ মৃত্যু হয় পুনে চহৰত, যিটো আকস্মিক মৃত্যুৰ গোচৰ। তেওঁৰ সন্দেহ যে মৃত পৰিয়ালৰ পুত্ৰৰ বাবেই তেওঁৰ পুত্ৰৰ মৃত্যু হৈছে, গতিকে প্ৰতিশোধ ল’বলৈ তেওঁ এই কাম কৰিছে।
ধৃত অভিযুক্তৰ ভিতৰত আছে ৪ জন ভাতৃ আৰু এগৰাকী ভগ্নী। সূত্ৰৰ পৰা জানিব পৰা মতে, পাঁচজনে বয়োজ্যেষ্ঠক ডিঙি চেপি হত্যা কৰি মৃতদেহকেইটা নদীত পেলাই দিয়াৰ বিপৰীতে সৰু ল’ৰা-ছোৱালীকেইটাক জীৱিত অৱস্থাত নদীত পেলাই দিয়ে।