বিষাক্ত সুৰা সেৱনৰ ফলত পুনৰ সাতজন লোকৰ মৃত্যু

0
1181
প্ৰতিনিধিত্বমূলক চিত্ৰ

বিহাৰৰ ছাৰণ জিলাত যোৱা তিনিদিনত বিষাক্ত সুৰা সেৱন কৰাৰ অভিযোগত কমেও ৭ জন লোকৰ মৃত্যু ঘটিছে। শনিবাৰে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই এই তথ্য প্ৰদান কৰে।

উল্লেখ্য যে যোৱা সপ্তাহতো এই জিলাখনত বিষাক্ত সুৰা সেৱনৰ ফলত ১১ জন লোকৰ মৃত্যু হৈছিল আৰু বহু লোক অসুস্থ হৈ পৰিছিল।

আৰক্ষী অধীক্ষক সন্তোষ কুমাৰে জনোৱা মতে, ‘১০ আগষ্টৰ পৰা মাসুধি অঞ্চলত ৭ জন লোকৰ মৃত্যু হৈছে। এইসকল লোকে বিষাক্ত সুৰা পান কৰা বুলি গাঁৱৰ ৰাইজে দাবী কৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে মৃত্যুৰ কাৰণ জানিব পৰা যাব’।

কুমাৰে জনোৱা মতে, বিষাক্ত সুৰা বিক্ৰী কৰি থকা লোকসকলক আটক কৰিবলৈ অভিযান চলাই থকা হৈছে।

উল্লেখ্য যে ২০১৬ চনৰ এপ্ৰিল মাহত বিহাৰ চৰকাৰে নিষিদ্ধ কৰিছিল সুৰা বিক্ৰী। কিন্তু, যোৱা বছৰৰ নৱেম্বৰৰ পৰা ৰাজ্যখনত বিষাক্ত সুৰাৰ কেইবাটাও ঘটনা সংঘটিত হৈছে য’ত ৬০ জনতকৈ অধিক লোকৰ মৃত্যু ঘটিছে।