চুবুৰীয়া ৰাজ্যত কাম কৰিবলৈ বুলি গৈ ডেৰমাহ ধৰি সন্ধানহীন ৭ শ্ৰমিক

0
255

চুবুৰীয়া ৰাজ্য অৰুণাচলত শ্ৰমিকৰ কাম দিবলৈ নিয়াৰ পিছৰে সন্ধানহীন হৈ পৰিছে ৭ গৰাকীকৈ যুৱ শ্ৰমিক। বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী তথা কোকৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত বগুলাউৰা গাঁৱৰ যুৱ শ্ৰমিক কেইজনৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি।

যোৱা ৩০ মে’ তাৰিখে বঙাইগাঁও জিলাৰ অভয়াপুৰি লালমাটিৰ এজন দুষ্ট প্ৰকৃতিৰ ঠিকাদাৰে বগুলাউৰা গাঁৱৰ ক্ৰমে মজিদুল আলী ২৮, মনোৱাৰ আলী ২১, ছমিজুল সেখ ১৯, আবুল হুছেইন ৪০, কলেপুদ্দিন সেখ ২৭, ফৰিজুল হক ২২ আৰু আয়নাল হক ২১ ক শ্ৰমিকৰ কাম দিম বুলি অৰুণাচলৰ ৰাজধানী ইটানগৰলৈ লৈ যায়।

কিন্তু শ্ৰমিক কেইজনক কাম দিম বুলি নিয়াৰ দিনৰে পৰা শ্ৰমিক সকলৰ সন্ধান নোহোৱা হৈ পৰে। এই ক্ষেত্ৰত ঠিকাদাৰ ৰেজাউল কৰিমৰ সৈতে যোগাযোগ কৰাত কোনো সদ উত্তৰ নোপোৱাৰ লগতে তেওঁৰ পৰা ওলোটাই দুব্যৱহাৰ হে পায়।

উপায়ন্তৰ হৈ শ্ৰমিক সকলৰ পৰিয়ালৰ লোকে যোৱা ৯ জুলাইত কোকৰাঝাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

কিন্তু ইয়াৰ পিছতো কোকৰাঝাৰ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। সেয়ে মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীক শ্ৰমিক সকলক উদ্ধাৰ কৰিবলৈ পৰিয়ালৰ লগতে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে অনুৰোধ জনাইছে।

Input and Photo – Afrajul Islam