20 C
Guwahati
Saturday, December 4, 2021
More

    চিকিৎসা মহাবিদ্যালয়ত কৰ’ণাৰ বিস্ফোৰণ, ভেকচিনৰ দুয়োটা ড’জ লোৱা ৬৬ গৰাকী শিক্ষাৰ্থী আক্ৰান্ত

    চিকিৎসা মহাবিদ্যালয়ত কৰ’ণাৰ বিস্ফোৰণ, ভেকচিনৰ দুয়োটা ড’জ লোৱা ৬৬ গৰাকী শিক্ষাৰ্থী আক্ৰান্ত

    কৰ্ণাটকত, ধাৰৱাড়ৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ ৬৬ গৰাকী শিক্ষাৰ্থী কৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি খবৰ লাভ কৰা গৈছে।

    এই সকলো শিক্ষাৰ্থীয়ে এছ ডি এম চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসা অধ্যয়ন কৰি আছে।

    শিক্ষাৰ্থীসকলে কৰ’ণা পজিটিভ বুলি খবৰ ওলোৱাৰ পিছত দুটাকৈ হোষ্টেল বন্ধ কৰি দিয়া হৈছে।

    বিষয়াসকলে বৃহস্পতিবাৰে কৈছিল যে চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা মুঠ ৪০০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত, এতিয়ালৈকে প্ৰায় ৩০০ গৰাকী শিক্ষাৰ্থীৰ ক’ভিড পৰীক্ষা কৰা হৈছে।

    প্ৰায় এসপ্তাহ পূৰ্বে অনুষ্ঠিত এক কাৰ্যসূচীৰ পিছতে শিক্ষাৰ্থীসকল কৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি ধাৰণা কৰা হৈছে।

    চিকিৎসা মহাবিদ্যালয়খনৰ বিষয়াসকলে জানিব দিয়া অনুসৰি সকলো শিক্ষাৰ্থীয়ে কৰ’ণা ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰিছে। ধাৰৱাড়ৰ উপায়ুক্ত নিতেশ পাটিলে কয়, ‘… এতিয়ালৈকে, ৬৬ গৰাকী শিক্ষাৰ্থী সংক্ৰমিত হৈছে। ৩০০ জন শিক্ষাৰ্থীক পৰীক্ষা কৰা হৈছে আৰু বাকী ১০০ জনৰো পৰীক্ষা কৰা হৈছে। তেওঁলোকৰ ৰিপ’ৰ্ট আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। একে সময়তে, প্ৰায় ৩,০০০ কৰ্মচাৰীকো পৰীক্ষা কৰা হ’ব। সংক্ৰমিত লোকসকলক পৃথককৈ ৰাখি চিকিৎসা কৰা হ’ব।

    আৰু পঢ়ক : অসুস্থ হৈ পৰিছে সমাজকৰ্মী আন্না হাজাৰে, চিকিৎসালয়ত ভৰ্তি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং