29 C
Guwahati
Thursday, October 21, 2021
More

    প্ৰাপ্য ৬৫০ কোটি টকা লৈ ১৫ দিনৰ ভিতৰত কোৱাটাৰ খালী কৰিব লাগিব কাগজ কলৰ কৰ্মচাৰীয়ে!

    প্ৰাপ্য ৬৫০ কোটি টকা লৈ ১৫ দিনৰ ভিতৰত কোৱাটাৰ খালী কৰিব লাগিব কাগজ কলৰ কৰ্মচাৰীয়ে!

    প্ৰদ্যুত বৰদলৈৰ সংবাদমেলৰ পিছতেই পিযুষ হাজৰিকাই ওভতি ধৰিলে কংগ্ৰেছক। ”প্ৰদ্যুত বৰদলৈ আৰু কংগ্ৰেছ দলৰ বাবেই কাগজ কল দুটা ধ্বংস হৈছিল ৷ ২১০০ টকাৰ বাঁহ ৪২০০ টকাত কিনিছিল ৷ কয়লা ৬০০০ টকা আছিল, কিন্তু কিনিছিল ১২০০০ টকাত ৷ সেই সময়ত প্ৰদ্যুৎ বৰদলৈ উদ্যোগ মন্ত্ৰী আছিল ৷ অসম আৰু কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আছিল” এই মন্তব্য মন্ত্ৰী পিযপষ হাজৰিকাৰ৷

    তদুপৰি কাগজ কলৰ কৰ্মচাৰীয়ে পাবলগীয়া অতিৰিক্ত ৬৫০ কোটি টকা এসপ্তাহৰ ভিতৰত আদায় দিবলৈ চৰকাৰ সাজু বুলি মন্তব্য কৰে ৷ আনহাতে ঘৰ খালী কৰাৰ বিষয়টো আইনী প্ৰক্ৰিয়াৰ অধীনৰ বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰদ্যুৎ বৰদলৈয়ে আইনৰ উৰ্ধত ক’ব পাৰে ৷ মই আইনৰ উৰ্ধত ক’ব নোৱাৰো ৷ কৰ্মচাৰীয়ে পাবলগীয়াখিনি পোৱাৰ পিছতটো ঘৰ খালী কৰিবই লাগিব ৷ পাবলগীয়াখিনি গ্ৰহণ কৰিবলৈ ৯৫% লোক সাজু আছে । ৫% লোকে আছে কংগ্ৰেছৰ ৷ সেইসকলে সমস্যাটো সমস্যা হৈ ৰোৱাটো বিচাৰে ৷

    উল্লেখ্য যে, কাছাৰ আৰু জাগীৰোডৰ নগাঁও কাগজ কলৰ চৌহদত অহা ১৫ চেপ্তেম্বৰৰ ভিতৰত বিদ্যুত কৰ্তনৰ জাননী জাৰি কৰিছে এ পি ডি চি এলয়ে। লগতে ১৫ চেপ্তেম্বৰৰ ভিতৰত কৰ্মচাৰী সকলে আৱাসগৃহ খালীৰ নিৰ্দেশ জাৰি কৰিছে লিকুইডেটৰ কুলদ্বীপ বাৰ্মাই।

    বিগত প্ৰায় ৫৬ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে কাগজ কল দুটাৰ কৰ্মচাৰী সকল। লিকুইডেটৰক কাগজ কলৰ কৰ্মচাৰী সকলে প্ৰাপ্য ৫৩০ কোটি টকা দাবী কৰিছিল। অতিৰিক্ত বকেয়া ৬০০ কোটি টকা হ’ব বুলি জানিবলৈ দিছিল। এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে মত পোষণ কৰি কয় যে মোকলাই দিয়া হ’ব কৰ্মচাৰী সকলৰ দৰমহা। এই ক্ষেত্ৰত চৰকাৰে ৬৫০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে চৰকাৰে। ১০০০ কৰ্মচাৰীৰ বিপৰীতে এই টকা দিয়াৰ ঘোষণা কৰা হৈছে লগতে অতি কমবয়সীয়া ১০০ জন কৰ্মচাৰীক চৰকাৰে নিযুক্তি দিব বুলিও জনাইছে চৰকাৰে।

    ইয়াৰ পিছতেই জাঙুৰ খাই উঠিছিল বিভিন্ন দল সংগঠন। কংগ্ৰেছেও প্ৰতিবাদৰ হুংকাৰ দিছে ঘৰ খালী কৰাৰ নিৰ্দেশৰ বিৰোধিতা কৰি।

    আৰু পঢ়ক : ১০ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ ভূমিস্খলন, দেশৰ সৈতে যোগাযোগ বিচ্ছিন্ন ছিকিমৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং