আশ্বৰ্যকৰ! এজন লোকৰ পেটৰ পৰা ওলাল ৬৩খন চামুচ, ঘটনা ভাৰতৰেই

0
36090

পৃথিৱীত এনে বহু ঘটনা ঘটি আছে, যিটো জনাৰ পিছত আমি আচৰিত হৈ পৰো। কিন্তু আজি আমি আপোনালোকক এনে এটা ঘটনাৰ বিষয়ে ক’বলৈ ওলাইছো, যাৰ বিষয়ে জনাৰ পিছত আপুনি সম্পূৰ্ণৰূপে স্তম্ভিত হৈ পৰিব।

উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰা অস্ত্ৰপচাৰৰ সময়ত চিকিৎসকে এজন ৰোগীৰ পেটৰ পৰা এখন দুখন নহয় ৬৩ খন ষ্টীলৰ চামুচ উলিওৱা ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে।

এই ঘটনাটো এমাহ পূৰ্বৰ। তথ্য অনুসৰি মনছুৰপুৰ থানা এলেকাৰ বোপাদা গাঁৱৰ বাসিন্দা বিজয় ড্ৰাগছৰ প্ৰতি আসক্ত। যাৰ বাবে বিজয়ৰ পৰিয়ালে তেওঁক নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰিছিল।

কেন্দ্ৰত স্বাস্থ্যৰ অৱনতি ঘটাৰ সময়তে পৰিয়ালৰ লোকে তেওঁক মুজাফ্ফৰনগৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ আহে। য’ত ডাক্তৰে অস্ত্ৰোপচাৰ কৰাত চিকিৎসাকৰ্মীসকলে তেওঁৰ পেটৰ পৰা ৬৩খন ষ্টীলৰ চামুচ ওলোৱাত স্তম্ভিত হৈ পৰিছিল কিয়নো তেওঁলোকেও প্ৰথমবাৰৰ বাবে এই ঘটনাৰ সাক্ষী হৈছিল।

এই ঘটনাৰ পিছতে এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে যে কেনেকৈ লোকজনৰ পেটত সোমাল এখন দুখন নহয় ৬৩খনকৈ চামুচ।

এই আশ্বৰ্যকৰ ঘটনাৰ সবিশেষ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছত বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰি আছে। একাংশ লোকে কয় যে নিচামুক্তি কেন্দ্ৰত জোৰজবৰদস্তি চামুচ খাব দিয়ে।

অৱশ্যে এই ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।