
মঙলবাৰে লোকসভাত প্ৰকাশ পাইছে এক উদ্বেগজনক খবৰ। কোনো ধৰণৰ বাহন অবিহনেই চলি আছে দেশৰ ৬৩খন থানা। কেৱল এয়াই নহয় ৬২৮খন থানাত নাই টেলিফোন সংযোগ।
ইয়াৰ উপৰি দেশৰ ২৮৫খন থানাত ৱায়াৰলেছ চেট বা মোবাইল ফোন নাই বুলিও মঙলবাৰে লোকসভাক অৱগত কৰা হয়।
কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে দেশত এতিয়া ১৭,৫৩৫ খন থানা চলি আছে।
ইয়াৰ ভিতৰত মুঠ ৬৩ খন থানাত কোনো বাহন নাই, ৬২৮ খন থানাত কোনো টেলিফোন সংযোগ নাই আৰু ২৮৫ খন থানাত ৱায়াৰলেছ চেট বা মোবাইল ফোন নাই বুলি এক প্ৰশ্নৰ লিখিত উত্তৰত তেওঁ জনায়।
উল্লেখ্য সমগ্ৰ দেশতে স্মাৰ্ট আৰক্ষীৰ জৰিয়তে অপৰাধ হ্ৰাস কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ এই তথ্যই স্বাভাৱিকতে এক গভীৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।