পাটিয়ালাৰ পৰা সিংঘু সীমান্তলৈ জীপ চলাই আহিল এগৰাকী আইতাইঃ সামাজিক মাধ্যমত চৰ্চা

0
548
পাটিয়ালাৰ পৰা সিংঘু সীমান্তলৈ জীপ চলাই আহিল এগৰাকী আইতাইঃ সামাজিক মাধ্যমত চৰ্চা

পাটিয়ালাৰ পৰা সিংঘু সীমান্তলৈ জীপ চলাই আহিল এগৰাকী আইতাইঃ সামাজিক মাধ্যমত চৰ্চা :-

বয়সে হ’ব নোৱাৰে হেঙাৰ। মনোবল থাকিলে সকলো কামেই সম্ভৱপৰ হয়। এই কথাকে প্ৰমাণ কৰিলে এগৰাকী আইতাই।

দেশজুৰি কৃশ বিদ্ৰোহে ২৮ দিনত ভৰি দিলেহি। এতিয়ালৈ কৃষকসকলৰ দাবী পূৰণ কৰা নাই শাসকীয় চৰকাৰে।

ইয়াৰ মাজত ছচিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈছে এটা পোষ্ট। পাটিয়ালাৰ পৰা সিংঘু সীমান্তলৈ জীপ চলাই আহিল এগৰাকী ৬২ বছৰীয়া আইতাই। আইতাগৰাকীৰ নাম মনজীত কৌৰ।

তেওঁৰ লগত ৪ গৰাকী বৃদ্ধাক লৈ কৃষকসকলৰ সমৰ্থনত এনেদৰে ওলাই আহে আইতাগৰাকীয়ে।

কিষান একতা মৰ্চাই টুইটাৰত শ্বেয়াৰ কৰিছিল এইখন ছবি। ইয়াৰ পাছতে ছচিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ছবিখনে।

আৰু পঢ়ক : দাও দাওকৈ জ্বলিল মদনপুৰ টোলগেটঃ অচিনাকী যুৱকৰ দলে জ্বলাই দিয়ে টোলগেটখন