
ওদালগুৰি জিলাৰ কলাইগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী ৬০ বছৰীয়া মহিলাৰ মৃত্যু ঘটিছে। কলাইগাঁও পুঠিমাৰীত সংঘটিত এই ঘটনাটোত মৃত্যু হোৱা মহিলাগৰাকী কুমলী চৌহান বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, পুঠিমাৰীৰ চন্দন চৌহান নামৰ লোকজনে দীৰ্ঘদিন ধৰি চুৰি কৰি নিজৰ খেতি পথাৰত বিদুৎ সংযোগ কৰি আহিছিল।
আজি তেওঁৰে ঘৰৰ সমীপৰ কুমলী চৌহানে নিজৰ খেতি পথাৰ চাবলৈ যোৱাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু মুখত পৰে।
এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে চন্দন চৌহানৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে একাংশ স্থানীয় ৰাইজে।
জানিব পৰা মতে, একাংশ বিদুৎ বিভাগৰ কৰ্মচাৰীৰ সৈতে চন্দন চৌহানে মধুৰ সম্পৰ্ক ৰক্ষা কৰি বিদুৎ চুৰি কৰি আহিছে।
ইনপুট : দীপক ডেকা