20 C
Guwahati
Saturday, December 4, 2021
More

    তিনিখন কৃষি আইন বাতিলৰ ঘোষণা কৰিলেও ২৯ নৱেম্বৰত সংসদ অভিমুখে যাব ট্ৰেক্টৰ ৰেলী

    তিনিখন কৃষি আইন বাতিলৰ ঘোষণা কৰিলেও ২৯ নৱেম্বৰত সংসদ অভিমুখে যাব ট্ৰেক্টৰ ৰেলী

    প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰাৰ পাছতো ক্ষান্ত হোৱা নাই ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইত।

    ৰাকেশ টিকাইতে ২৯ নৱেম্বৰত মুঠ ৬০ খন ট্ৰেক্টৰ সংসদ ভৱন অভিমুখে যাব বুলি মন্তব্য কৰিছে।

    শস্যৰ ক্ষেত্ৰত নিম্নতম সমৰ্থন মূল্যৰ গেৰাণ্টিৰ দাবীৰে এই ট্ৰেক্টৰ ৰেলী কৰা হ’ব বুলি কৃষক নেতা গৰাকীয়ে কয়।

    “চৰকাৰে ধৰি দিয়া পথেৰে ট্ৰেক্টৰ সমূহ যাব। আমাৰ বিৰুদ্ধে প্ৰায়ে পথ বন্ধ কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে কিন্তু আমি পথ বন্ধ নকৰো,” ৰাকেশ টিকাইতে এইদৰে মন্তব্য কৰে।

    উল্লেখযোগ্য যে, দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষক সকলে প্ৰতিবাদ সাব্যস্ত কৰি থকা তিনিওখন কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰাৰ পাছতো কৃষক নেতা ৰাকেশ টিকাইতে যেতিয়ালৈ কাগজে-পত্ৰই এই আইন কেইখন বাতিল নহয় তেতিয়ালৈ কৃষক সকলৰ আন্দোলন চলি থাকিব বুলি উল্লেখ কৰিছিল।

    আৰু পঢ়ক : নগাঁৱত আটক ভুৱা চিকিৎসক, ভুল চিকিৎসাৰ ফলত দাঁত আৰু মস্তিষ্কৰ মাৰাত্মক বেমাৰত আক্ৰান্ত এজন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং