ধিং আৰক্ষীৰ বৃহৎ সফলতা; এজাহাৰ দাখিলৰ ৪ ঘণ্টাৰ ভিতৰত উদ্ধাৰ অপহৃত ৬ বছৰীয়া শিশু

ফোনত হিন্দী ভাষাতে শিশুটোক তেওঁলোকে অপহৰণ কৰাৰ কথা অৱগত কৰাৰ লগতে আৰক্ষীক বিষয়টো জনালে শিশুটোক হত্যা কৰা হ'ব বুলিও ফোনতে ভাবুকি দিছিল অপহৰণকাৰীয়ে

0
45

ধিং আৰক্ষীৰ বৃহৎ সফলতা। এজাহাৰ দাখিলৰ চাৰি ঘণ্টাৰ ভিতৰত উদ্ধাৰ কৰিবলৈ সক্ষম অপহৃত ছয় বছৰীয়া শিশুক ।
ধিঙৰ আবেদৰ চৰৰ পৰা উদ্ধাৰ অপহৃত কণমানিক । লগতে ধিং আৰক্ষীৰ জালত পৰিছে অপহৰণকাৰী চক্ৰৰ এজন অপহৰণকাৰী চাহাআলম ইছলাম। মূল অপহৰণকাৰী ৰূপচান আলী বৰ্তমানেও পলাতক হৈ আছে। উল্লেখ্য যে ধিঙত চাঞ্চল্যকৰ অপহৰণ। দিন দুপৰতে অপহৃত হ’ল ছবছৰীয়া শিশু। ধিঙৰ খৈৰামাৰীত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ অপহৰণ। গাওঁখনৰ আবুল বাচাৰৰ ছবছৰীয়া সন্তানটিয়ে সোমবাৰে আবেলি ঘৰৰ পদুলিত খেলা-ধুলা কৰি আছিল।

পৰিয়ালৰ লোকে আবেলি চাৰি মান বজাত সন্তানটো পদূলিত নেদেখি ইফালে সিফালে বিচাৰিব ধৰে । একাংশই ওচৰতে থকা পুখুৰীত বিচাৰ খোচাৰ কৰি সন্তানটোক নোপোৱাত চিন্তিত হৈ পৰে পৰিয়ালৰ লগতে অঞ্চলবাসী । সন্তানটোক বিচাৰি নাপায় দুখত ভাগি পৰে পিতৃ মাতৃ।

পিছে নিশা ৯ মান বজাত ৮৪৭২০৫৮১২৮ নম্বৰৰ পৰা এটি ফোন আহে পৰিয়াললৈ। ফোনত হিন্দী ভাষাতে শিশুটোক তেওঁলোকে অপহৰণ কৰাৰ কথা অৱগত কৰাৰ লগতে আৰক্ষীক বিষয়টো জনালে শিশুটোক হত্যা কৰা হ’ব বুলিও ফোনতে ভাবুকি দিয়ে। অপহৃত শিশুটো নাগালেণ্ডত থকাৰ কথাও জনায় অপহৰনকাৰীয়ে । আনহাতে , মংগলবাৰে অপহৃত শিশুৰ পিতৃয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত ধিং থানাত এজাহাৰ দাখিল কৰে। ধিং আৰক্ষীয়ে ইতিমধ্যে ফোন নম্বৰটোৰ আঁত ধৰি প্ৰাথমিক তদন্ত অব্যাহত ৰাখি এই সফলতা লভে।