অতিকে কৰুণ- কনিষ্ঠ ভগ্নীক ৰক্ষা কৰিবলৈ গৈ এজন এজনকৈ ৬ ভাই-ভনী ডুব গ’ল নদীত

0
47240

অতিকে কৰুণ- কনিষ্ঠ ভগ্নীক ৰক্ষা কৰিবলৈ গৈ এজন এজনকৈ ৬ ভাই-ভনী ডুব গ’ল নদীত

গংগাত গা ধুবলৈ বুলি গৈছিল ৬ ভাই-ভনী। পাছে তাৰেই মাজৰ কনিষ্ঠ ভগ্নী ডুবিবলৈ ধৰে । সেই দেখি ভনীয়েকক উদ্ধাৰৰ বাবে চেষ্টা চলায় ককায়েক বায়েক হতে। পাছে নদীৰ বাঢ়নী পানীত এজন এজনকৈ ডুব যায় কেউজন।

উত্তৰ প্ৰদেশৰ কানপুৰ জিলাত সংঘটিত হৈছে এই অতিকে শোকাবহ ঘটনা। গংগা নদীত গা ধুই থাকোতে ৪ গৰাকী ভগ্নী সহ ২ ভাতৃ ডুব যায়।

ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হয়। এছ ডি আ এফ আৰু এল ডি আ এফৰ দলে লগে লগে উদ্ধাৰ অভিযানত নামি পৰে। আৰু এজন যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উদ্ধাৰৰ সময়ত অচেতন হৈ আছিল যুৱকজন। লৰালৰিকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। তাৰ বাহিৰে অন্য ৫ জনৰ কোনো এজনৰে সন্ধান ওলোৱা নাই। উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

সন্ধানহোৱা ভাই-ভনী কেইগৰাকীৰ বয়স ১৩ বছৰৰ পৰা ২০ বছৰৰ ভিতৰত। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি পিকনিক খাবলৈ গৈছিল সেই ঠাইত। খাই বৈ উঠি নদীক গা ধুৱলৈ নামোতেই এই ঘটনা সংঘটিত হয়।