ৰাহুল গান্ধীৰ ছয় নম্বৰ গেৰাণ্টি- বৰক্ষেত্ৰীত কৰিলে ঘোষণা

0
4911
ৰাহুল গান্ধীৰ ছয় নম্বৰ গেৰাণ্টি- বৰক্ষেত্ৰীত কৰিলে ঘোষণা

বৰক্ষেত্ৰীত ৰাহুল গান্ধীৰ বিশাল নিৰ্বাচনী সভা। কংগ্ৰেছ প্ৰাৰ্থী দিগন্ত বৰ্মনৰ হৈ চলালে প্ৰচাৰ ৷ সেই প্ৰচাৰ সভাতেই বিজেপিক চোকা সমালোচনা ৰাহুল গান্ধীৰ৷

সেই সভাতেই ৰাহুল গান্ধীৰ ছয় নম্বৰ গেৰাণ্টি ঘোষণা। পূৰ্বৰ ৫ গেৰাণ্টিৰ পিছত এইবাৰ ছয় নম্বৰ গেৰাণ্টি- কংগ্ৰছ মহাজোঁটৰ মুখ্যমন্ত্ৰীয়ে অসমৰ জনতাৰ মতে কাম কৰিব। কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ হ’লে অসমক অসমৰ পৰা চলাব, দিল্লীৰ পৰা নচলাই৷

বৰক্ষেত্ৰীত দুখনকৈ হেলিকপ্টাৰেৰে চমক কংগ্ৰেছৰ। লোকে লোকাৰণ্য হৈ পৰিছে সমগ্ৰ বৰক্ষেত্ৰী অঞ্চল। লগতে হাজো সমষ্টিৰ প্ৰাৰ্থী আনোৱাৰ হুছেইনৰ হৈয়ো প্ৰচাৰ চলাই ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীৰ সৈতে বিশাল জনসভাত উপস্থিত থাকে চত্তীশগড়ৰৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘেল, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া, তত্বাবধায়ক জিতেন্দ্ৰ সিং, সাংসদ আব্দুল খালেক আদি।

সভাত চত্তীশগড়ৰৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘেলে কয়, অসমত সৰ্বানন্দ আহিল কিন্তু আনন্দ নাহিল, অসমত আনন্দৰ আন এটা নাম চিন্দিকেট।অসমত মহাজোঁটৰ চৰকাৰ গঠন কৰিহে চত্তীশগড়ৰলৈ উভতিব বাঘেল।

Input Bitopan Kakoti

আৰু পঢ়ক : মেঘালয়ত উত্তৰ পূৱৰ প্ৰথমটো নিচামুক্ত কেন্দ্ৰ স্থাপন