
বিহাৰৰ মতিহাৰীস্থিত এটা ইটা ভাটাত সংঘটিত বিস্ফোৰণত ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ভাটাটোৰ মালিককে ধৰি কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে।
স্থানীয় লোকৰ সহযোগত আহত লোকসকলক ততাতয়াকৈ ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
বিস্ফোৰণৰ ফলত প্ৰায় ২০ গৰাকীকৈ লোক এতিয়াও সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে।
ইফালে বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীসহ কমেও ১০খন এম্বুলেন্স উপস্থিত হয়।
জানিব পৰা অনুসৰি, ঘটনাস্থলত পোহৰৰ কোনো ব্যৱস্থা নথকাৰ বাবে এই পৰ্যন্ত উদ্ধাৰ অভিযান চলাব পৰা নাই।
অত্যন্ত শোকাৱহ ঘটনাটো ৰামগড়ৱা থানাৰ সমীপৰ নাৰিৰগিৰিত সংঘটিত হৈছে।
ইতিমধ্যে পৰিস্থিতিৰ বুজ ল’বলৈ মতিহাৰীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া ঘটনাস্থানলৈ ৰাওনা হৈছে।