15 C
Guwahati
Saturday, January 22, 2022
More

    উৰুকাৰ নিশা আৰক্ষীৰ অভিযানত একেটা স্থানৰ পৰাই জালত পৰিল ৬ জনকৈ ড্ৰাগছ ব্যৱসায়ী

    উৰুকাৰ নিশা আৰক্ষীৰ অভিযানত একেটা স্থানৰ পৰাই জালত পৰিল ৬ জনকৈ ড্ৰাগছ ব্যৱসায়ী

    উৰুকাৰ নিশা আৰক্ষীৰ অভিযানত একেটা স্থানৰ পৰাই জালত পৰিল ৬ জনকৈ ড্ৰাগছ ব্যৱসায়ী। বৰপেটাৰোডত আৰক্ষীৰ ড্ৰাগছ বিৰুদ্ধে ব্যাপক অভিযান।

    বৰপেটাৰোড আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপুল কলিতাৰ নেতৃত্বত নিশা এই ড্ৰাগছ বিৰোধী অভিযান চলিছিল। তেওঁলোকে বৰপেটাৰোডৰ আজাদ নগৰত এক অভিযান চলায় ৷

    সেই অভিযানতে আৰক্ষীয়ে ৬ জনকৈ ড্ৰাগছ ব্যৱসায়ীৰ লগতে ড্ৰাগছ আসক্তক আটক কৰিবলৈ কৰিবলৈ সক্ষম হয় ৷

    ড্ৰাগছ সৰবৰাহকাৰী যুৱকৰ দলটোৰ পৰা ৭ টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ, যি ড্ৰাগছ ২২ গ্ৰাম বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। লগতে কিছু খালী কণ্টেইনাৰ আৰু ৬টা মোবাইল জব্দ কৰিবলৈ সক্ষম হয়।

    আটক কৰা কেইজন – বৰপেটাৰোডৰ আজাদ নগৰৰ সমীৰ আলী (৩২ বছৰ), উত্তৰ জাখলিবিল পথাৰৰ আব্দুল আলী (৩২), শক্তিনগৰৰ আফজল খান ( ৩১), আজাদ নগৰৰ বাহাৰুল ইছলাম ( ২৪), আল আমিন নগৰৰ ৰাজ দৌলমনি দেৱান (২৫) আৰু শক্তি নগৰৰ ছাদ্দাম হুছেইন (২৬) ৷

    ধৃত ড্ৰাগছ সৰবৰাহকাৰী সকলক বৰপেটাৰোড আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ৷

    Input and Photo- Ganesh Saha

    আৰু পঢ়ক : গুৱাহাটীত বিশেষ ৰে’লেৰে উপস্থিত ৰে’ল দুৰ্ঘটনাগ্ৰস্ত লোকসকল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং