26 C
Guwahati
Thursday, September 16, 2021
More

    বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰা বিডিঅ’, কনিষ্ঠ অভিযন্তাসহ ৬ জনক গ্ৰেপ্তাৰ

    বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰা বিডিঅ’, কনিষ্ঠ অভিযন্তাসহ ৬ জনক গ্ৰেপ্তাৰ

    বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত মন্দিয়া উন্নয়ন খণ্ডত বিধায়ক পুঁজিৰ বৃহত পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগত আৰক্ষীয়ে ছয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

    মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ জালত পৰা ৬ গৰাকী বিষয়া কৰ্মচাৰী হৈছে যাদৱ চৌধুৰী (অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া, মন্দিয়া), ইউচফুৰ ৰহমান (খণ্ড উন্নয়ন বিষয়া, মঙলদৈ), আইনুৰ ৰহমান (কনিষ্ঠ অভিযন্তা, মন্দিয়া), মুজাহিদুৰ ৰহমান (সভাপতি, বৰপেটা কনষ্ট্ৰাকশ্যন কমিটি), শ্বাহজামাল আলি (সভাপতি,বৰপেটা কনষ্ট্ৰাকশ্যন কমিটি), আব্দুৰ ৰাজ্জাক (সভাপতি বৰপেটা কনষ্ট্ৰাকশ্যন কমিটি)।

    এই অভিযুক্ত বিষয়া-কৰ্মচাৰী কেইজনে উন্নয়ন খণ্ডটোৰ বিভিন্ন উন্নয়নৰ নামত আৱন্টিত হোৱা ৬৫ লাখ টকাৰ ২৫ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

    বিধায়ক শ্বেৰমান আলীৰ বাঘবৰ সমষ্টিৰ মন্দিয়া ব্লকত পথ নিৰ্মাণৰ বাবে আবণ্টিত ১৪ টা আঁচনিত সংঘটিত হৈছিল এই দুৰ্নীতি।

    আৱণ্টিত ধনৰ ৩৯ লাখ টকা ব্যয় হৈছিল আৰু ব্যয় বিহীনভাৱে ২৫ লাখ টকা পকেটত সোমাইছিল এই ছয়গৰাকী বিষয়া-কৰ্মচাৰীয়ে।

    এই অভিযোগ উত্থাপিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত যোৱা ৪ জুনত গোচৰ ৰুজু হৈছিল।

    মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ অধীক্ষক ৰোজী কলিতাই জনোৱা মতে ২০১৭-১৮ বৰ্ষৰ বিধায়ক পুঁজিত এই অনিয়ম সংঘটিত হৈছিল।

    অভিযুক্ত কেইগৰাকীৰ ভিতৰত ৫ গৰাকীক ন্যায়িক জিম্মালৈ আৰু আব্দুৰ ৰাজ্জাকক দুদিনৰ বাবে তদন্তকাৰী আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হয়।

    আৰু পঢ়ক : অসমৰে এখন গাঁও, য’ত আজিলৈকে এজন লোকো আক্ৰান্ত হোৱা নাই মহামাৰী কৰ’ণাত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং