
অতিকে ভয়ংকৰ ৰাজ্যৰ স্থিতি। এবাৰতে ৫৩ গৰাকী লোক আক্ৰান্ত মহামাৰী কৰ’ণা ভাইৰাছত। ইয়াৰে সৰুসজাই কোৱাৰাইণ্টাইন চেণ্টাৰত ৪৪জন আক্ৰান্ত। ৭জন ডিমা হাচাওত আৰু আন দুজন কাছাড় জিলাৰ।
ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা বৰ্তমানে বৃদ্ধি পালে ৩১৯জনলৈ। ইয়াৰে ভিতৰত সক্ৰিয় আক্ৰান্তৰ সংখ্যা ২৫৮ গৰাকী। স্বাস্থমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাই যোগে সদৰি কৰিলে এই কথা।
বহিঃৰাজ্যৰ পৰা অহা লোকেৰে ভৰি পৰিছে সকলো কোৱাৰাইণ্টাইন চেণ্টাৰ। এই চেণ্টাৰ সমূহতেই দিনে দিনে বহুতো লোকৰ নমুনা পৰীক্ষাৰ ৰিপৰ্টপজিটিভ আহি আছে।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলোকে অধিক সুৰক্ষিত হৈ থকাৰ বাবে বাৰম্বাৰ আহ্বান জনাই আহিছে। কৰ’ণাৰ প্ৰতিতো খবৰ তেওঁ দি আহিছে ৰাজ্যবাসীক আৰু লগতে ৰাজ্যৰ বৰ্তমান স্থিতি সম্পৰ্কেও সজাগ কৰি আহিছে।
Photo Credit: @himantabiswa