
‘কা’ বিৰোধী আন্দোলন আৰু প্ৰতিবাদৰ মাজতেই আজি নিজ গৃহ জিলাত উপস্থিত হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। মুখ্যমন্ত্ৰীগৰাকীক ডিব্ৰুগড় আগমনৰ তীব্ৰ প্ৰতিবাদ ডিব্ৰুগড় জিলা আছুৰ। মুখ্যমন্ত্ৰীগৰাকীৰ বিমান ডিব্ৰুগড়ত অৱতৰণ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে। লগতে ক’লা পতাকাৰ ভয়ত ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰি পোনে পোনে বিন্ধাকটা মুলুক গাঁৱলৈ ৰাওনা হয় মুখ্যমন্ত্ৰীগৰাকী।

পিছে মোহনবাৰীতে আছু কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজে কলা পতাকাৰে আদৰে সৰ্বানন্দ সোনোৱালক। তাতেই ভোগালী আনন্দ উলাহৰ মাজত মুখ্যমন্ত্ৰীৰ বৃহৎ পুত্তলিকা দাহ কৰে ডিব্ৰুগড় আছুয়ে। প্ৰায় ৫০ফুট উচ্চতাৰ পুত্তলিকাটোৰ ১৩খনকৈ মুখ বনোৱা হৈছে। য’ত মুখ্যমন্ত্ৰী সৰ্বানন্দৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহ মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ৰামমাধৱ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ তপন গগৈ, পল্লৱ লোচন দাস, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, অগপৰ তিনি মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফনীভূষণ চৌধৰীৰ মুখ সন্নিবিষ্ট কৰা হৈছে।

উল্লেখ্য জাতিধ্বংসী ‘কা’ আইনৰ বিৰুদ্ধে প্ৰৱল ৰূপত প্ৰতিবাদ সাব্যস্ত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গৃহ জিলা ডিব্ৰুগড়ত।আৰু এই তীব্ৰ প্ৰতিবাদৰ বাবেই বিগত ডেৰমাহ ধৰি নিজ গৃহ ডিব্ৰুগড়ত অহাৰ পৰা বিৰত আছিল মুখ্যমন্ত্ৰীগৰাকী।
Photo Credit: @abdulrajjak