
ভয়ংকৰ পথ দুৰ্ঘটনা ! চাৰিচকীয়া বাহন আৰু ট্ৰাকৰ সংঘৰ্ষত নিহত ৫
সোমবাৰে পুৱতি নিশা কেৰালাৰ আলাপুঝা জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন বাহন দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ ফলত ইছৰো গোটৰ পাঁচজন কৰ্মচাৰী নিহত হয়। জানিব পৰা মতে, কৰ্মচাৰীসকলক কঢ়িয়াই নিয়া বাহনখন এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলত এই ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাটোৰ ফলত চাৰিজনৰ ঘটনাস্থলীত মৃত্যু হয়,আৰু আন এজনৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি আলাপুঝাৰ ওচৰৰ আম্বালাপুঝাত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে এখন চাৰিচকীয়া বাহনৰ সংঘৰ্ষ হোৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাটোত গাড়ীখনত থকা পাঁচোজন লোকৰে মৃত্যু হয়। মৃত লোক কেইজন তিৰুৱন্তপুৰমৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO) ভোজনালয়ৰ ঠিকাভিত্তিক কৰ্মচাৰী আছিল । আৰু তেওঁলোকে এখন বিবাহ অনুষ্ঠানত অংশল’বলৈ আলাপুঝালৈ গৈ আছিল।
মৃতসকলক প্ৰসাদ, মনু, অমল, চুমোদ আৰু শিজিন দাস বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ সকলোৰে বয়স ২৪ ৰ পৰা ৩০ বছৰৰ ভিতৰত আছিলে।
দুৰ্ঘটনোটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ কেইটাক উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসা মহাবিদ্যালয়লৈ লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাটোৰ ফলত তেওঁলোকৰ বাহনখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। আৰক্ষীয়ে ট্ৰাকখনৰ চালক,হেণ্ডিমেনক আটক কৰিছে।