
বৃহস্পতিবাৰে নিশা জলপাইগুৰি জিলাৰ দেমদিমাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বিৰপাৰাৰ সমীপৰ দেমদিমাত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত ৫জন লোক থিতাতে নিহত হয়। স্কৰপিঅ’ গাড়ী আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।
স্কৰপিঅ’খনত প্ৰচণ্ড জোৰত খুন্দা মাৰে ট্ৰাকখনে। ফলত থিতাতে নিহত ৫জন লোক। প্ৰচণ্ড খুন্দাৰ ফলত স্কৰপিঅ’খন ভাঙি চূৰমাৰ হয়। দুৰ্ঘটনাটোৰ ফলত অঞ্চলজুৰি শোক বিৰাজমান। এই ভয়াৱহ দুৰ্ঘটনাটোৰ বাবে বিৰপাৰাৰ দিনবাজাৰ মাৰ্কেট আজি বন্ধ কৰি ৰখা হৈছে।