32 C
Guwahati
Sunday, September 19, 2021
More

    পানীৰ মাজলৈ নি কিশোৰীক ধৰ্ষণ, আশে পাশে বহু লোক থকাৰ পিছতো কাৰোৰে চকুতে নপৰে এই ভয়ংকৰ ঘটনা

    পানীৰ মাজলৈ নি কিশোৰীক ধৰ্ষণ, আশে পাশে বহু লোক থকাৰ পিছতো কাৰোৰে চকুতে নপৰে এই ভয়ংকৰ ঘটনা

    আশে পাশে শ শ লোক থকাৰ পিছতো তাৰেই মাজত এগৰাকী কিশোৰীক ধৰ্ষণ এক পাষণ্ডৰ। পানীৰ মাজলৈ নি ধৰ্ষণ এগৰাকী ১৫ বছৰীয়া কিশোৰীক। এই ঘটনা ইংলেণ্ডৰ। ধৰ্ষণকাৰীৰ কথা বতৰাৰ পৰা পাকিস্তানী বুলি সন্দেহ কিশোৰীৰ।

    ইংলেণ্ডৰ বোৰ্নমাউথ চহৰৰ এক সাগৰৰ পাৰত বন্ধু বান্ধৱী সৈতে ফুৰিবলৈ গৈছিল কিশোৰীগৰাকী। তাতেই ১৭ বৰ্ষীয় এজন ল’ৰাই কথাৰ আত ধৰি কথাৰ মাজতেই সাগৰৰ পানীলৈ লৈ যায় কিশোৰীক। আৰু পানীৰ মাজতেই ধৰ্ষণ কৰে কিশোৰীগৰাকীক।

    চিঞৰ বাখৰ কৰাৰ পিছতো তথা আশে-পাশে বহু লোক থকাৰ পিছতো কাৰোৰে চকুত নপৰে এই ঘটনা। ধৰ্ষণৰ পিছত কিশোৰীক সেই স্থানতেই এৰি মুহুৰ্ততে নাইকিয়া হৈ যায় ল’ৰাজন। ভুক্তভোগী কিশোৰীগৰাকীয়ে আহি যেতিয়া বন্ধু বান্ধৱীৰ আগত এই কথা কয়, তেতিয়া সকলো আচৰিত হৈ পৰে।

    লগে লগে আৰক্ষীক খবৰ দিয়া হয় ঘটনা সন্দৰ্ভত । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ধৰ্ষণকাৰীৰ সন্ধান কৰে। কিন্তু কতো কোনো ধৰণৰ তথ্য লাভ নকৰে ধৰ্ষণকাৰীৰ। যাৰ বাবে সেই সময়ত তাত উপস্থিত থকা সকলো লোকৰে সহায় বিচাৰে আৰক্ষীয়ে।

    সকলোকে নিজৰ নিজৰ তাত উঠা ফটো আৰক্ষীৰ সৈতে শ্বেয়াৰ কৰিবলৈ আহ্বান জনায়। যাতে তাৰেই কোনো ফটোত ধৰ্ষণকাৰীৰ চেহেৰা চিনি উলিয়াব পৰা যায়। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

    আৰু পঢ়ক : কৰ’ণাৰ ভয়ত বিগত ১৫ মাহ ধৰি ঘৰৰ ভিতৰতে আৱদ্ধ পৰিয়াল, অতি সংকটজনক অৱস্থাত উদ্ধাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং