21 C
Guwahati
Friday, January 28, 2022
More

    ‘মা ছফিকুল দাদাই কৰিছে এনে কাম’ কান্দি কান্দি মাকক ধৰ্ষণৰ সমস্ত ঘটনা বিৱৰি কলে ৫ বছৰীয়াই

    ‘মা ছফিকুল দাদাই কৰিছে এনে কাম’ কান্দি কান্দি মাকক ধৰ্ষণৰ সমস্ত ঘটনা বিৱৰি কলে ৫ বছৰীয়াই

    ‘মা ছফিকুল দাদাই কৰিছে এনে কাম’ কান্দি কান্দি মাকক ধৰ্ষণৰ সমস্ত ঘটনা বিৱৰি কলে ৫ বছৰীয়া কনমানি শিশুৱে। এই শিশু ধৰ্ষণৰ নিৰ্লজ্জ ঘটনা সংঘটিত হৈছে কামৰূপ গ্ৰাম্যৰ নিজ- গন্ধমৌত।

    মানৱ সমাজক লজ্জাজন কৰা আন এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। কামৰূপ জিলাৰ নিজ গন্ধমৌত সংঘটিত হৈছে এই ঘটনা। ২৪ বছৰীয়া এজন যুৱকৰ কামনাৰ বলি ৫ বছৰীয়া শিশু।

    ঘৰত মাক দেউতাক নথকাৰ সুযোগ লৈ চফীকুল ইছলাম নামৰ যুৱক জনে যৌন নিৰ্যাতন কৰিলে ৫ বছৰীয়া শিশুটিক। ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত এজাহাৰ ভুক্তভোগী পৰিয়ালৰ।

    ঘটনাৰ ৭দিনৰ পাছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই নৰাধম চফীকুল ইছলামক। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণৰ পাছতে ৰাজ্যত সংঘটিত এনে বোৰ ঘটনাৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰি তাৎক্ষণিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু…..! বিগত ৭ টা দিনে অভিযুক্ত চফীকুল ইছলামৰ কোনো সন্ধান পোৱা নাই শুৱালকুছি আৰক্ষীয়ে!

    input and Photo- Mridul Pritom Deka

    আৰু পঢ়ক : ৩ দিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং