পুতলা এম্বুলেন্সৰ সহায়েৰে মাতৃৰ প্ৰাণ ৰক্ষা কৰিলে ৫ বছৰীয়া পুত্ৰই

0
282

এখন পুতলা এম্বুলেন্সৰ সহায়েৰে মাতৃৰ প্ৰাণ ৰক্ষা কৰিলে এগৰাকী ৫ বছৰীয়া শিশুৱে।
ইংলেণ্ডৰ টেলফৰ্ডত অৱস্থিত এটা পৰিয়ালত ৫ বছৰীয়া জছ চাপমান নামৰ এটি ৫ বছৰীয়া শিশুৱে তেওঁৰ ১৮ বছৰীয়া ভাতৃৰ লগত খেলি থকাৰ সময়তে, জছৰ মাতৃ মজিয়াত অজ্ঞান হয় বাগৰি পৰে।

উপায়বিহীন হৈ কণমানি জছে এখন পুতলা এম্বুলেন্সত দেখা জৰুৰীকালীন নম্বৰ ১১২ ডায়েল কৰে। প্ৰথমবাৰ ফোন ব্যৱহাৰ কৰি জছে কৰা এই প্ৰয়াসত জৰুৰীকালীন সেৱা বিভাগে আহি ততালিকে তেওঁলোকক ইণ্টাৰনেটৰ সহায়ত ট্ৰেক কৰি অজ্ঞান হৈ থকা জছৰ মাতৃক চিকিসালয়লৈ নিবলৈ সক্ষম হয়।

জানিব পৰামতে জছৰ মাতৃ কেৰ’লীনৰ দেহত ছুগাৰৰ পৰিমান কম হোৱাৰ বাবে হঠাৎ এনেদৰে অজ্ঞান হৈ পৰি যায়।

সামাজিক মাধ্যমত কণমানি জছৰ এই দুঃসাহসিক প্ৰয়াসৰ কথা প্ৰকাশ হোৱাৰ লগে লগে সকলোৰে প্ৰশংসা পাত্ৰ হৈছে আৰু ব্যাপকভাৱে চৰ্চা লাভ কৰিছে।

ফটো ক্ৰেডিটঃ ডেইলীষ্টাৰ ইউ কে