32 C
Guwahati
Thursday, August 4, 2022
More

    শীঘ্ৰেই মুকলি হ’ব ৫খন জোৰদাৰ বাইক,তালিকাত আছে BMWও…

    শীঘ্ৰেই মুকলি হ’ব ৫খন জোৰদাৰ বাইক,তালিকাত আছে BMW ও…

    ভাৰতীয় দুচকীয়া বাহনৰ বজাৰত কেইবাটাও নতুন মডেলে ভূমুকি মাৰিব। কভিডৰ পিছত ভাৰতীয় অটোমোবাইল উদ্যোগটোৱে লাহে লাহে গতি বৃদ্ধি কৰাৰ লগতে দুচকীয়া বাহনেও বজাৰত চমক প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰি আছে।

    চলিত বৰ্ষৰ আগষ্ট মাহৰ ভিতৰত ভাৰতীয় বজাৰত পাঁচ খন আধুনিক বাইক মুকলি কৰা হ’ব।ভাৰতত BMW য়ে জুলাইত এখন নতুন ৩১০চিচিৰ স্পৰ্টছবাইক মুকলি কৰাৰ পৰিকল্পনা কৰিছে।

    তথ্য অনুসৰি এই নতুন মডেলটো টিভিএছ আপাচে (TVS ApacheRR310) ৰ দৰেই হ’ব পাৰে। দুয়োখন বাহনৰে মাজত সামান্য পাৰ্থক্যহে থাকিব। বাজাজ পালচাৰ বাইকৰ নতুন লুকচ ইতিমধ্যে মুকলি কৰা হৈছে।বাজাজ পালচাৰৰ নতুন মডেলটোৰ নাম ‘Eclipse Edition’দিয়াৰ সম্ভাৱনা আছে। এই মডেলটো অহা মাহত বজাৰলৈ আহিব পাৰে।

    টিভিএচ কোম্পানীয়ে ৬ জুলাইত নতুন বাইক মুকলি কৰাৰ যো-জা কৰি আছে। অনুমান কৰাৰ মতে Auto Expo 2018 ত প্ৰদৰ্শিত জেপলিন ৰ সংস্কৰণটো বজাৰত কৰিব।

    কাৱাচাকী ৰ দ্বাৰা আপডেট কৰা ২০২২ ভাৰ্চিচ ৬৫০ ক সোনকালেই ভাৰতত মুকলি কৰা হ’ব পাৰে। চলিত মাহৰ শেষৰ ফালে এই মডেলটো ভাৰতৰ বজাৰলৈ আহিবও পাৰে।

    ৰয়েল এনফিল্ড হাণ্টাৰ ৩৫০ আগষ্ট মাহৰ আৰম্ভণিতেই ভাৰতীয় বজাৰত মুকলি হোৱাৰ সম্ভৱনা আছে। এই ৩৫০ আৰু ক্লাসিক ৩৫০ ৰ দৰেই ৩৪৯ চিচি,এয়াৰ/ অইল-কুল্ড, একক চিলিণ্ডাৰ ইঞ্জিনৰ সৈতে আহিব । ইয়াত ৫-স্পীড গিয়াৰবক্স থাকিব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং