
মঙলবাৰে সন্ধিয়া লক্ষ্ণৌৰ হজৰতগঞ্জ অঞ্চলত এটা বহুমহলীয়া অট্টালিকা খহি পৰাৰ ফলত ৭ জন লোক গুৰুতৰভাৱে আহত হয়।
আহত সকলোকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে ঘটনা সংঘটিত হোৱাৰ পিছতে কৈছিল যে দুৰ্ঘটনাটোত তিনিজন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।
কিন্তু পিছত ঘটনাস্থলত উপস্থিত হৈ উপ-মুখ্যমন্ত্ৰী পাঠকে কয় যে হজৰতগঞ্জত অট্টালিকা খহি পৰাৰ ঘটনাত ৭ জন লোক আহত হৈছে আৰু তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ঘটনাটোত কোনো লোকৰে মৃত্যু হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে।
ইফালে উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানে কয়, “আমাৰ অনুমান হৈছে যে ৫-৭ জন লোক এতিয়াও আৱদ্ধ হৈ আছে। উদ্ধাৰ অভিযান সম্পূৰ্ণ কৰিবলৈ প্ৰায় ১২-১৩ ঘণ্টা সময় লাগিব”।
জানিব পৰা মতে এতিয়ালৈকে ৯ জন লোকক উদ্ধাৰ কৰা হৈছে।