ক’ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলা প্ৰশাসনে জিলাখনৰ পাঁচখন বিদ্যালয় এসপ্তাহৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে।
ডিব্ৰুগড়ৰ বিদ্যালয় পৰিদৰ্শক দীপিকা চৌধুৰীয়ে বিদ্যালয় চৌহদত একাধিক ক’ভিডৰ সংক্ৰমণ ধৰা পৰাৰ পিছত ডিব্ৰুগড় জিলাৰ পাঁচখন বিদ্যালয় সাত দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰে।
বিদ্যালয়সমূহ হৈছে- নন্দেশ্বৰ চক্ৰৱৰ্তী এইচ এছ স্কুল, ডিব্ৰুগড়, চেপন হাতিপতি হাইস্কুল, চাচনী যমুনামুখ এইচ এছ স্কুল, টিপলিং গাৰ্লছ হাই স্কুল আৰু নাহৰকটীয়া এইচ এছ স্কুল।
ডিব্ৰুগড়ৰ বিদ্যালয় পৰিদৰ্শক দীপিকা চৌধুৰীয়ে শুকুৰবাৰে এই নিৰ্দেশ জাৰি কৰে।
ডিব্ৰুগড়ৰ উপায়ুক্তৰ উপযুক্ত অনুমতি সাপেক্ষে বিদ্যালয় কেইখন অহা সাত দিনৰ পিছত পুনৰ মুকলি হ’ব।
আনহাতে, অতি দ্ৰুত হাৰত ডিব্ৰুগড় জিলাত ক’ভিডৰ ঘটনা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা সমিতিয়ে (ডি এল আই ই চি) ২৪ জানুৱাৰিৰ পৰা চলিব লগীয়া নৱম আৰু দশম শ্ৰেণীৰ চূড়ান্ত আৰু প্ৰাক-ব’ৰ্ড পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।
আৰু পঢ়ক : কামৰূপৰ ১০ টা বনভোজস্থলী বন্ধৰ নিৰ্দেশ, ক’ভিড প্ৰট’কল অনুসৰণ নকৰাৰ অভিযোগ